অসম

assam

ETV Bharat / city

ৰেলৰ ব্যক্তিগতকৰণ: জনসাধাৰণৰ মিশ্ৰিত প্ৰতিক্ৰিয়া - Central government

কিছুদিন পূৰ্বে দেশৰ প্ৰায় 50 টা ৰেলৱে ষ্টেচন আৰু 150 খন ৰেলক ব্যক্তিগত খণ্ডক গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ দেশজুৰি প্ৰতিক্ৰিয়াৰ জোৱাৰ ৷

ৰেলৰ ব্যক্তিগতকৰণ: জনসাধাৰণৰ মিশ্ৰিত প্ৰতিক্ৰিয়া

By

Published : Oct 12, 2019, 11:41 PM IST

গুৱাহাটী, 12 অক্টোবৰ: দেশৰ ৰেলৱে খণ্ডক ব্যক্তিগত খণ্ডৰ হাতত গটাই দিব খোজা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ পাছত এতিয়া দেশৰ লগতে ৰাজ্যতো ৰেল বিভাগৰ কৰ্মচাৰী তথা জনসাধাৰণৰ মাজত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ৷ শেহতীয়াকৈ দেশৰ প্ৰথমখন চেমি হাইস্পীড ট্ৰেইন তেজস্ব এক্সপ্ৰেছ ব্যক্তিগত খণ্ডৰ অন্তৰ্ভুক্ত হোৱাৰ পাছত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 50 টা ৰেলৱে ষ্টেচন আৰু 150 খন ৰেলক ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৷ দেশৰ অন্যতম শক্তিশালী ঐতিহ্যমণ্ডিত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ৰেল বিভাগক পুজিপতিৰ হাতত গটোৱাৰ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তত এতিয়া স্বাভাৱিকতে আতংকিত হৈ পৰিছে ৰেল কৰ্মচাৰীৰ সকল ৷

শনিবাৰে ৰেল ব্যক্তিগতকৰণৰ সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিকে ৰেলযাত্ৰী আৰু ৰেল বিভাগৰ কৰ্মচাৰীৰ পৰা মতামত জানিবলৈ চলোৱা এক সমীক্ষাত মন্তব্য কৰি এগৰাকী ৰেল কৰ্মচাৰীয়ে কয় যে," আমি ব্যক্তিগতকৰণৰ তীব্ৰ বিৰোধীতা কৰিছো ৷ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তই ৰেল বিভাগৰ ব্যাপক ক্ষতি কৰিব । এজন চৰকাৰী কৰ্মচাৰীয়ে নিজৰ কাম দায়িত্বসহকাৰে পালন কৰে তেনেস্থলত ব্যক্তিগতকৰণ কৰাৰ কোনো প্ৰয়োজন নাই ৷"

ৰেলৰ ব্যক্তিগতকৰণ: জনসাধাৰণৰ মিশ্ৰিত প্ৰতিক্ৰিয়া

ইফালে দেশৰ ৰেলৱে খণ্ডক ব্যক্তিগতকৰণক লৈ সুখী নহয় ৰেলযাত্ৰীসকলো ৷ ব্যক্তিগতকৰণ হ'লে বৰ্তমান লাভ কৰি থকা সুবিধাৰ পৰাও বঞ্চিত হ'ব বুলিও মন্তব্য কৰে বহুতো ৰেলযাত্ৰীয়ে ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ব্যক্তিগতকৰণৰ বিৰোধীতা কৰি এগৰাকী ৰেলযাত্ৰীয়ে কয় যে, ৰেলৰ ব্যক্তিগতকৰণ হলে ৰেল সেৱাৰ মূল্য যথেষ্ট বৃদ্ধি পাব যাৰ ফলত সাধাৰণ ৰেলযাত্ৰী সকল ব্যাপক অসুবিধাৰ সন্মুখীন হ'ব ৷ অৱশ্যে অভিযানকালত কিছুসংখ্যক ৰেলযাত্ৰীয়ে ৰেলৰ ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ প্ৰতি নিজৰ সমৰ্থনো আগবঢ়াই ৷ তাৰ মাজৰ এগৰাকী ৰেলযাত্ৰীয়ে ৰেলৰ ব্যক্তিগতকৰণ হলে ৰেল যাত্ৰীসকলে বৰ্তমানতকৈ বহু বেছি সুবিধা পাব বুলি মন্তব্য কৰে ৷

উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত অনুসৰি যদি দেশৰ 150 খনকৈ ৰেল আৰু 50 টা ৰেলৱে ষ্টেচন ব্যক্তিগত খণ্ডক গটাই দিয়ে তেন্তে ৰেল বিভাগৰ একাংশ কৰ্মচাৰীয়ে নিজৰ চাকৰি হেৰুৱাৰ ভয়ত আতংকিত হৈ পৰিছে ৷ ৰেল তথা ৰেলৱে ষ্টেচনক ব্যক্তিগত খণ্ডৰ হাতত প্ৰদান কৰিলে কোন চৰকাৰী কৰ্মচাৰীয়ে চাকৰি হেৰুৱাব আৰু কোন কর্মচাৰীয়ে নতুন ব্যক্তিগত খণ্ডত চাকৰি পাব তাকলৈ এতিয়া জনসাধাৰণৰ মাজত জল্পনা কল্পনা আৰম্ভ হোৱা দেখা গৈছে ।

ABOUT THE AUTHOR

...view details