অসম

assam

ETV Bharat / city

গুৱাহাটীত ৰেল’ৰ ডবাত স্থাপন হ’ব ক’ভিড কেয়াৰ চেন্টাৰ - covid updates of assam

ৰাজ্যত ভয়াৱহ হাৰত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা । বিগত ২৪ ঘণ্টাত ক'ভিডত প্ৰাণ হেৰুৱাইছে ৪১ গৰাকী লোকে । ভয়াৱহ ক’ভিড পৰিস্থিতিৰ পৰ্তি লক্ষ্য ৰাখি ৰেল ষ্টেচনত ক’ভিড কেয়াৰ চেন্টাৰ স্থাপনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ৷

rail caoches become covid care centre in guwhati
rail caoches become covid care centre in guwhati

By

Published : May 5, 2021, 6:32 PM IST

গুৱাহাটী, 4 মে' : ৰাজ্যত ক্ৰমাৎ জটিল হ’বলৈ ধৰা ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পল্টনবজাৰৰ ৰে’লৱে ষ্টেচনত অস্থায়ী ক’ভিড কেন্দ্ৰ নিৰ্মাণৰ বাবে পৰ্যবেক্ষণ কৰে । হাস্পতালসমূহত বিছনাৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে এই পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে । ৰে’ল মন্ত্ৰালয়ে ৰে’লৰ দবাসমূহ ক’ভিড কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ ১৫০টা দবা আগবঢ়াইছে ।

গুৱাহাটীত ৰেল’ৰ ডবাত স্থাপন হ’ব ক’ভিড কেয়াৰ চেন্টাৰ

উল্লেখ্য় যে, বিগত ২৪ ঘণ্টাত ক'ভিডত প্ৰাণ হেৰুৱাইছে ৪১ গৰাকী লোকে । ৰাজ্যৰ ভিতৰতে গুৱাহাটী মহানগৰীত অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ'ণা আক্রান্তৰ সংখ্যা। বিগত ২০ দিনত গুৱাহাটী মহানগৰীত মুঠ ১৭,৬৯০জন লোক কৰ'ণাত আক্রান্ত হৈছে । ক'ভিডৰ এই জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পল্টনবজাৰৰ ৰে’লৱে ষ্টেচনত অস্থায়ী ক’ভিড কেন্দ্ৰ নিৰ্মাণৰ বাবে পৰ্যবেক্ষণ কৰে ।

পল্টনবজাৰৰ ৰে’লৱে ষ্টেচন পৰিদৰ্শন

৭ নং প্লেটফৰ্মত ৰে’লৰ ডবাত ক’ভিড কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে প্ৰশাসনে । ১৫০ টা দবা ক’ভিড কেয়াৰ চেণ্টাৰৰ বাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰি মন্ত্ৰীগৰাকীয়ে পল্টনবজাৰৰ ৰে’লৱে ষ্টেচন পৰিদৰ্শন কৰে ।

ৰেলৰ ডবাত স্থাপন হ’ব ক’ভিড কেয়াৰ চেন্টাৰ

ইতিমধ্যে ভাৰত চৰকাৰৰ ৰে’ল মন্ত্ৰালয়ে ৰে’লৰ দবা সমূহ ক’ভিড কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ ১৫০টা দবা আগবঢ়াইছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । এই দবাসমূহত অক্সিজেন চিলিণ্ডাৰৰো সম্পূৰ্ণ সুবিধা থাকিব । আনহাতে ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিতো এটা ক’ভিড চেণ্টাৰ আৰম্ভ কৰাৰ লগতে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চুপাৰ স্পেচিয়েলিটি ৱাৰ্ডকো ক’ভিডৰ বাবে মুকলি কৰা হৈছে।

গুৱাহাটী ৰেলৱে’ ষ্টেচন পৰিদৰ্শন হিমন্ত বিশ্ব শৰ্মাৰ

লগতে পঢ়ক :মমতা বেনাৰ্জীক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

ABOUT THE AUTHOR

...view details