গুৱাহাটী,১৪ জুলাই: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ শাসনভাৰ লৈ অসমত উত্তৰ প্ৰদেশৰ দৰে এক নতুন ট্ৰেণ্ড সৃষ্টি কৰিব বিচাৰিছে । টিয়কৰ মেধাৱী ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ গ্ৰেপ্তাৰক লৈ এই মন্তব্য ৰাইজৰ দলৰ ভগ্নী সংগঠন জাতীয় নাৰী বাহিনীৰ সভানেত্ৰী ড৹ জ্ঞানশ্ৰী বৰাই ৷ বৃহস্পতিবাৰে মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ড৹ জ্ঞানশ্ৰী বৰাই ৷
তেওঁ কয় য়ে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দিনত পুলিচৰাজ চলিছে(Assam CM Himanta Biswa Sarma) । যাৰ বাবে আজি এনেদৰে মানুহৰ বাক স্বাধীনতা হৰণ কৰা হৈছে । তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শাসনভাৰ লৈ উত্তৰ প্ৰদেশৰ দৰে এক নতুন ট্ৰেণ্ড অসমত সৃষ্টি কৰিব বিচাৰিছে । কবিতা লিখাৰ অপৰাধত জেলত বন্দী কৰি ৰখা বৰ্ষাশ্ৰীৰ পূৰ্বে কিবা ৰাষ্ট্ৰদ্ৰোহ গোচৰ আছে নেকি বুলি চৰকাৰলৈ প্ৰশ্ন কৰে ৰাইজৰ দলৰ নেত্ৰীগৰাকীয়ে(Gyanashree Bora question to Government) । সংবাদ মেলত ড৹ জ্ঞানশ্ৰী বৰাই চৰকাৰক পুনৰ প্ৰশ্ন কৰে যে বৰ্ষাশ্ৰীয়ে এনে কি ৰাষ্ট্ৰদ্ৰোহ কৰিছে যাৰ বাবে অসম পুলিচে ইমান ভয় খাবলগীয়া হ'ল ।