গুৱাহাটী, ৪ জুন:ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত ৰাইজৰ দলৰ প্ৰতিবাদ (Raijor Dal protest against PPE kit scam) । PPE কীট আৰু চেনিটাইজাৰ কেলেংকাৰীৰ তদন্তৰ দাবীত শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ দলে ৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ সমগ্ৰ কেলেংকাৰীৰ CBI তদন্তৰ দাবী কৰে (Raijor Dal demands CBI probe against CM's family) । প্ৰয়োজনত প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিব বুলি মন্তব্য কৰে ৰাইজৰ দলে ৷
ইফালে পিযুষ হাজৰিকাৰ বক্তব্যৰ তীব্ৰ প্ৰত্যাহ্বান জনাই ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই কয়, "পীযুষ হাজৰিকাই সংবাদমেলত কোৱা কথা ভিত্তিহীন, কোনো যুক্তি নাই ।" মুখ্যমন্ত্ৰীৰ পৰিয়ালক সুৰক্ষা দিয়াৰ বাবে এইদৰে মন্তব্য কৰিছে বুলি মন্তব্য কৰে কাৰ্যকৰী সভাপতিগৰাকীগৰাকীয়ে ।
লগতে "মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল PPE কীট আৰু ছেনিটাইজাৰ কেলেংকাৰীত প্ৰত্যক্ষভাৱে জড়িত । এয়া হাজাৰ কৌটি টকীয়া কেলেংকাৰী । আজিৰ পৰা ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে । যেতিয়ালৈ তদন্ত ঘোষণা নকৰে তেতিয়ালৈ প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব" - এই বুলি মন্তব্য কৰে কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই ৷