অসম

assam

By

Published : Jul 12, 2021, 10:57 PM IST

ETV Bharat / city

চৰকাৰৰ বিফলতাৰ বাবে কিডনী বিক্ৰী কৰিব লগীয়া হৈছে : ৰাছেল হুছেইন

চৰকাৰৰ বিফলতাৰ অভিযোগ তুলি সোমবাৰে ৰাইজৰ দলে এখন সংবাদ মেল (Press Meet)সম্বোধন কৰে ৷ গুৱাহাটী (Guwahati)মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত দলৰ জ্যেষ্ঠ নেতা ৰাছেল হুছেইনে এই সংবাদ মেল সম্বোধন কৰে । এই সংবাদমেলত চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাইজৰ দলৰ নেতাগৰাকীয়ে ৷

Raijor dal press Meet Against Govt At Guwahati
চৰকাৰৰ বিফলতাৰ বাবে কিডনী বিক্ৰী কৰিব লগীয়া হৈছে: ৰাছেল হুছেইন

গুৱাহাটী,12 জুলাই : ৰাইজৰ সমস্যা সমাধানত সম্পূৰ্ণ বিফল হোৱা বুলি সোমবাৰে বিজেপি মিত্ৰজোঁট চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰাইজৰ দল ৷ ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰে ৰাইজৰ দলৰ জ্যেষ্ঠ নেতা ৰাছেল হুছেইনে ৷ সংবাদমেল সম্বোধন কৰি জ্যেষ্ঠ নেতা ৰাছেল হুছেইনে সাংবাদিকৰ আগত কয় যে, বিগত কেইটামান দিনত চৰকাৰৰ বিফলতা প্ৰকট হৈ পৰিছে । এই কথা ৰাইজৰ মনৰ পৰা আঁতৰাই ৰাখিবলৈ প্ৰথমে শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰসংগ আনিলে বিজেপি মিত্ৰজোঁট চৰকাৰে খনে ।

এতিয়া শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক দুই মিনিট কথা ক’বলৈ দি সমস্যা সমূহৰ কথা ক’ব নোৱাৰাৰ ব্যৱস্থা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই Chief Minister Dr. Himanta Biswa Sarma) । দুই মিনিট সময় দিওঁতেও তেওঁৰ কথা শুনিব নোৱাৰাকৈ হুলস্থুল কৰিছে বুলি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে নেতা গৰাকী ৷ বিজেপি মিত্ৰজোঁট চৰকাৰ খনে অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি সকলো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে ৰাইজক সুৰক্ষা দিয়াৰ বিপৰীতে চাৰিওফালৰ পৰা জুৰুলা কৰি পেলাইছে বুলি মন্তব্য কৰে ৰাছেল হুছেইনে ৷

ইফালে জাগীৰোড সমষ্টিৰ ধৰমতুলত কিডনী বিক্ৰী কৰি মাইক্ৰ’ফাইনেঞ্চ (Micro finance) ৰ ঋণ পৰিশোধ কৰিব লগীয়া হোৱা ঘটনাটোৰ বিৰুদ্ধে গৰজি উঠে ৰাইজৰ দল । দৰিদ্ৰ লোকৰ চিকিৎসাৰ বাবে আঁচনি বহুত ঘোষণা কৰিলে বিজেপি চৰকাৰ খনে । পিছে সন্তানৰ চিকিৎসাৰ বাবে কিডনী বিক্ৰী কৰিব লগীয়া হোৱাটোৱে চৰকাৰ খনৰ বিফলতাৰ স্বৰূপটো উদঙাই দিছে বুলি সদৰি কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে ।

গাঁৱৰ 30 গৰাকীৰ অধিক লোকে কলিকতাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ হাস্পতাললৈ গৈ কিডনী বিক্ৰী কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । পুত্ৰক চিকিৎসাৰ বাবে 4.5 লাখ টকাত কিডনী বিক্ৰী কৰিবলৈ ঠিক কৰি 3.5 লাখ টকাত বিক্ৰী কৰিলে কিডনী । ইফালে মুখ্যমন্ত্ৰী সোঁহাত স্বৰূপ ডেকা মন্ত্ৰী পীযুষ হাজৰিকাৰ সমষ্টিত এই কাম হৈছে । ইয়েই অসমৰ উন্নয়নৰ ছবি দাঙি ধৰিছে বুলি চৰকাৰক সমালোচনা কৰে ৰাইজৰ দলৰ নেতা গৰাকীয়ে ।

চৰকাৰৰ বিফলতাৰ বাবে কিডনী বিক্ৰী কৰিব লগীয়া হৈছে: ৰাছেল হুছেইন

তেওঁ লগতে কয় যে, আগতে মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ লৈ মিটিংলৈ গৈছিল । এতিয়া পীযুষ হাজৰিকাইও হেলিকপ্টাৰত বিভিন্ন সভা সমিতিলৈ গৈ চৰকাৰী ধন খৰছ কৰে । ইয়াৰ বিপৰীতে কিন্তু তেওঁৰ সমষ্টিতে মানুহে কিডনী বিক্ৰী কৰিব লগীয়া হৈছে ৰাইজে ।

2021 চনৰ বিধান সভা নিৰ্বাচনৰ আগত পূৰ্বৰ স্বাস্থ্য তথা বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, সকলো micro finance ৰ ঋণ মাফ কৰি দিয়া হ'ব । চৰকাৰ হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়েও বিধানসভাতো ক'লে যে ঋণ পৰিশোধ কৰিব । ইয়াৰ বিপৰীতে কিন্তু অশোক সিংহালৰ সমিতিয়ে ঘোষণা কৰিলে বহু চৰ্ত । যিবোৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত কোৱা নাছিল।

এতিয়া মহিলা সকল মহা সংকটত পৰিছে । চৰকাৰে না না অজুহাতেৰে ঋণ মাফ কৰাৰ পৰা পলাই থাকিব বিচাৰিছে । সেয়ে এই অসমত ৰাইজে কিডনী বিক্ৰী কৰি চলিব লগা হৈছে বুলি কটাক্ষ কৰে নেতাগৰাকীয়ে ৷

তেওঁ প্ৰশ্ন উত্থাপন কৰে যে, কেতিয়াৰ পৰা প্ৰযোজ্য হ'ব অসম (Micro financr act) ? এই আইন অনুসৰি তিনিমাহৰ ভিতৰত (Micro finance)ৰ ঋণ মাফ কৰাৰ কথা আছিল, পিছে এতিয়া চক্ৰবৃদ্ধি হাৰত ধন দিব লগীয়া হৈছে হিতাধিকাৰী সকলে । জানুৱাৰী মাহতে ৰাজ্যপালে স্বাক্ষৰ কৰা আইন আজিও প্ৰযোজ্য নহ'ল । Micro finance ৰে চৰকাৰৰ মিতিৰালিৰ বাবেই এতিয়াও আইনখন প্ৰযোজ্য কৰা হোৱা নাই বুলি অভিযোগ তোলে ৰাছেল হুছেইনে।

ইফালে মূল্যবৃদ্ধিৰ বিষয়ে বিধানসভাত আলোচনা কৰিব বিচৰা হৈছিল যদিও শাসকীয় পক্ষই আলোচনা হ'বলৈ নিদিলে। Micro finance, মূল্যবৃদ্ধি, ছিণ্ডিকেটৰ প্ৰসংগও বিধান সভাত উত্থাপন কৰিব নিদিলে বুলি গুৰুতৰ অভিযোগ তোলে ৰাইজৰ দলে । এইবোৰ প্ৰসংগৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰাই ৰাখিবলৈ শ্যামপ্ৰসাদ মুখাৰ্জীৰ প্ৰসংগ টানি অনা হৈছে বুলি নেতাগৰাকীয়ে তীব্ৰ কটাক্ষ কৰে ।

উন্নয়নৰ বাবে নহয়, কিডনীৰ অবৈধ বজাৰৰ বাবে অসম আজি বিশ্ব বিখ্যাত হৈছে । ইয়াৰ পিছত চৰকাৰে আৰু কিবা কথা কৈ লাভ আছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে নেতাগৰাকীয়ে ৷ কিডনীৰ ক’লা ব্যৱসায়ত স্বাস্থ্য বিভাগৰ কোন কোন জড়িত আছে সেই বিষয়ে মুখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰিবলৈ দাবী জনাইছে ৰাইজৰ দলৰ নেতা ৰাছেল হুছেইনে ।

লগতে পঢ়ক-"শক্তি"ক লৈ বিধানসভাত সৰৱ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

ABOUT THE AUTHOR

...view details