গুৱাহাটী, ৮ অক্টোবৰ : এইবাৰ কাম কৰি দিয়াৰ বিনিময়ত উৎকোচ বিচাৰি হাতকেৰেয়া পিন্ধিব লগীয়া হ'ল আৰু এজন চৰকাৰী বিষয়াই । শুকুৰবাৰে অসম আৰক্ষীৰ তদাৰক আৰু দুৰ্নীতি নিবাৰক শাখাই নিজ কাৰ্যালয়ৰ পৰাই গ্ৰেপ্তাৰ কৰে এজন চৰকাৰী বিষয়াক। লোকনিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা বিজয় দাস ।
এইবাৰ উৎকোচ বিচাৰি জালত পৰিল লোকনিৰ্মাণৰ কনিষ্ঠ অভিযন্তা
শুকুৰবাৰে অসম আৰক্ষীৰ তদাৰক আৰু দুৰ্নীতি নিবাৰক শাখাই নিজ কাৰ্যালয়ৰ পৰাই গ্ৰেপ্তাৰ কৰে এজন চৰকাৰী বিষয়াক ।
বিভাগটোৰ ৰঙিয়া সংমণ্ডলৰ কনিষ্ঠ অভিযন্তা হিচাপে কৰ্মৰত আছিল বিজয় দাস । ৰঙিয়াত এটা পেট্ৰ'ল ডিপো স্থাপনৰ বিষয়ক লৈ এগৰাকী ব্যৱসায়ীৰ পৰা উৎকোচ বিচাৰিছিল এইজন কনিষ্ঠ অভিযন্তাই ।
খনীন মেধি নামৰ এজন ব্যৱসায়ীৰ পৰা এইদৰে কাম কৰি দিয়াৰ বিনিময়ত ধন বিচৰা কাৰ্যত অৱশেষত অতিষ্ঠ হৈ পৰিছিল ব্যৱসায়ী গৰাকী । ওচৰ চাপিছিল তদাৰক আৰু দুৰ্নীতি নিবাৰক শাখাৰ । কনিষ্ঠ অভিযন্তা বিজয় দাসৰ বিৰুদ্ধে ৰুজু কৰিছিল এটা গোচৰ । সেই গোচৰৰ আধাৰতে শুকুৰবাৰে বিয়লি কনিষ্ঠ অভিযন্তাজনক লোকনিৰ্মাণ বিভাগৰ ভঙাগড়ৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে ।
লগতে পঢ়কঃ আৰম্ভ হ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস