অসম

assam

ETV Bharat / city

5 নৱেম্বৰৰ পৰা ভৰলুমুখত পুস্কৰণ মেলা - guwahat puskaran festival news

ভৰলুমুখৰ ব্ৰহ্মপুত্ৰৰ পাৰত পূৰ্ণ গতিত চলিছে প্ৰস্তুতি ৷ ভক্তলৈ সুলভ মূল্যত ভ্ৰমণৰ সুবিধা ৷

puskaran festival in bharalumukh guwahati

By

Published : Oct 27, 2019, 5:19 PM IST

গুৱাহাটী,27 অক্টোবৰঃ অহা 5 নৱেম্বৰৰ পৰা 16 তাৰিখলৈ মহানগৰীৰ ভৰলুমুখৰ ব্ৰহ্মপুত্ৰৰ পাৰত অনুষ্ঠিত হ'ব পুস্কৰণ মেলা । এই মেলালৈ আগমন ঘটিব দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২ লাখ ভক্তৰ । ইতিমধ্যেই পূৰ্ণ গতিত চলি আছে মেলাৰ প্ৰস্তুতিৰ কাম । দেওবাৰে প্ৰস্তুতিৰ বুজ ল'বলৈ মেলাথলীত উপস্থিত হয় অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা আৰু কামৰূপ মহানগৰ উপায়ুক্ত বিশ্বজিৎ পেগু । স্নান ঘাট, শৌচাগাৰ,খোৱাপানী আৰু স্বচ্ছতাৰ ক্ষেত্ৰত কেনেদৰে কাম আগবাঢ়িছে সেইসমূহ পৰিদৰ্শন কৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ আৰু জিলা উপায়ুক্তগৰাকীয়ে । ইফালে এই মেলাৰ জৰিয়তে অতিকমেও 200 কোটি টকাৰ ব্যৱসায় হ'ব বুলি উল্লেখ কৰে জয়ন্ত মল্ল বৰুৱাই । বৰুৱাৰ মতে অসম পৰ্যটনৰ বাবে এই পুস্কৰণ মেলা হ'ব এক উল্লেখনীয় দিশ ।

ভৰলুমুখৰ ব্ৰহ্মপুত্ৰৰ পাৰত অনুষ্ঠিত হ'ব পুস্কৰণ মেলা

আনহাতে এই মেলাৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক পৰিবহণ নিগমে আৰম্ভ কৰিব এক নতুন বাছ সেৱা । মাত্ৰ ২৫১ টকাতে ভক্তসকলে গুৱাহাটীৰ ঐতিহ্যপূৰ্ণ ঠাইসমূহ পৰিদৰ্শন কৰিব পাৰিব । যাত্ৰীসকলক স্থানসমূহৰ বিষয়ে জনাবলৈ বাছত থাকিব গাইড । দেওবাৰে এই বাছত উঠি সম্পূৰ্ণ ব্যৱস্থাৰ বুজ লয় অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা আৰু কামৰূপ মহানগৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে । মেলাৰ সময়ত এই বাছ সেৱা সফলভাৱে ৰূপায়িত হ'লে অনাগত সময়তো এই সেৱা অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ।

লগতে পঢ়কঃৰত্নাকৰ উপভোগ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ABOUT THE AUTHOR

...view details