অসম

assam

ETV Bharat / city

আলফা স্বাধীনে বাংলাদেশৰ মৌলবাদী সংগঠনৰ দৰে কথা কয়ঃ পূজা কমিটী - আলফা স্বাধীনে বাংলাদেশৰ মৌলবাদী সংগঠনৰ দৰে কথা কয়

আলফা স্বাধীনে বাংলাদেশৰ মৌলবাদী সংগঠন আৰু পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ লেখিয়া কথাবাৰ্তা কোৱা বুলি উল্লেখ কৰে এইসকল পূজা উদযাপন কমিটীৰ বিষয়ববীয়াই ।

আলফা স্বাধীনে বাংলাদেশৰ মৌলবাদী সংগঠনৰ দৰে কথা কয়ঃ পূজা কমিটী
আলফা স্বাধীনে বাংলাদেশৰ মৌলবাদী সংগঠনৰ দৰে কথা কয়ঃ পূজা কমিটী

By

Published : Sep 5, 2020, 12:20 AM IST

গুৱাহাটী, 4 ছেপ্টেম্বৰ :কৰ'ণাৰ মাজতে অনুষ্টুপীয়াকৈ দুৰ্গা পূজা আয়োজনৰ বাবে সাজু হৈছে পূজা উদযাপন কমিটীসমূহ । এনে সময়তে আলফা স্বাধীনে পূজা আয়োজন কৰা কাৰ্যক বিৰোধিতা কৰি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে । দুৰ্গা পূজাকলৈ আলফা স্বাধীনৰ বিবৃতি প্ৰকাশৰ পিছতেই পাণ্ডু-মালিগাঁও দুৰ্গা পূজা কমিটীসমূহৰ বিষয়ববীয়া জাঙুৰ খাই উঠিছে ।

বিষয়ববীয়াসকলে সংবাদ মাধ্যমৰ আগত কয় যে,"বিহু আৰু দুৰ্গা পূজাৰ মাজত আছে পাৰ্থক্য । আমি চৰকাৰী নিয়ম মানি পূজা আয়োজন কৰিম । আলফা স্বাধীনৰ এই বিবৃতিক কোনো গুৰুত্ব প্ৰদান নকৰো আমি ।"

আলফা স্বাধীনে বাংলাদেশৰ মৌলবাদী সংগঠনৰ দৰে কথা কয়ঃ পূজা কমিটী

ইফালে ক্ষুব্ধ বিষয়ববীয়াই আলফা স্বাধীন এনে কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে । আলফা স্বাধীনে বাংলাদেশৰ মৌলবাদী সংগঠন আৰু পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ লেখিয়া কথাবাৰ্তা কোৱা বুলি উল্লেখ কৰে এইসকল পূজা উদযাপন কমিটীৰ বিষয়ববীয়াই ।

লগতে পঢ়ক :ডিব্ৰুগড়ত কোভিড আক্ৰান্ত হৈ আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষকৰ মৃত্যু

ABOUT THE AUTHOR

...view details