গুৱাহাটী, 10ফেব্ৰুৱাৰী : জনস্বাস্থ্য কাৰিকৰি বিভাগত নিযুক্ত হৈ থকা ৮৯০৪ গৰাকী অস্থায়ী কৰ্মচাৰীক চৰকাৰী ভাৱে নিযুক্তি নিদিয়াৰ প্ৰতিবাদত মংগলবাৰে গুৱাহাটী মহানগৰীৰ পাণবজাৰত কৰ্মচাৰী সকলে গ্ৰহণ কৰে আমৰণ অনশনৰ এক কাৰ্যসূচী । কৰ্মচাৰী সকলক বিভাগীয়ভাৱে নিযুক্তি দিয়াৰ লগতে দৰমহা আদায় দিয়াৰ দাবীত বহু পূৰ্বৰ পৰাই বিভাগ তথা চৰকাৰৰ ওচৰত তেওঁলোকে আবেদন-নিবেদন কৰি আহিছে । কিন্তু চৰকাৰে কেৱল প্ৰতিশ্ৰুতি দিয়ে সামৰিছে নিজৰ দায়িত্ব ৷ কর্মচাৰী সকলৰ মাজৰ বহুতে চাকৰিত নিযুক্ত হোৱাৰ সময়ত আঁচনি স্থাপনৰ বাবে নিজ মাটি-ভেটিও বিভাগক এৰি দিয়ে । কিন্তু বর্তমানলৈকে এই কৰ্মচাৰী সকলৰ বাবে বিভাগ তথা ৰাজ্য চৰকাৰে কোনো এক সঠিক সিদ্ধান্ত ল'ব পৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰী সকলে ৷ প্ৰতিবাদকাৰী সকলে প্ৰকাশ কৰা অনুসৰি, বিভাগীয় মন্ত্ৰী গৰাকীয়ে এতিয়া বিভিন্ন সংবাদ মাধ্যমত ক'বলৈ লৈছে বহু জল জীৱন মিছন আঁচনিৰ কথা ৷ নিৰ্বাচনৰ পূৰ্বে সাধাৰণ ৰাইজৰ মন জয় কৰাৰ বাবে এই ভুৱা আঁচনি ঘোষণা কৰি থকা হৈছে বুলি মন্তব্য কৰে কৰ্মচাৰী সকলে ৷
মহানগৰীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ
জনস্বাস্থ্য কাৰিকৰী বিভাগত নিযুক্ত হৈ থকা ৮,৯০৪ গৰাকী অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা আদায় দিয়াৰ নামত মংগলবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ মহানগৰীৰ পাণবজাৰত বিভাগটোৰ অস্থায়ী কৰ্মচাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰি অতি শীঘ্ৰে চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে দাবী জনায় ৷
উল্লেখ্য যে, বিভাগটোত ২০০৫ চনৰ পৰা বৰ্তমানলৈকে ৮,৯০৪ জন অস্থায়ী কৰ্মচাৰীয়ে কৰ্মৰত হৈ আছে ৷ সেয়াও মৌখিক নিযুক্তিতহে কৰ্মচাৰী সকলে কৰ্মৰত হৈ আছে । নিযুক্তিৰ পাচৰে পৰাই কৰ্মচাৰী সকলে চাকৰি নিয়মীয়াকৰণ কৰা আৰু দৰমহা আদায় দিয়াৰ বাবে বিভাগ তথা চৰকাৰক আবেদন জনায় আহিছে যদিও আজি পৰ্যন্ত কোনো সুফল পোৱা নাই ৷ যাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰী সকলে ৷ অতি শীঘ্ৰে চৰকাৰে এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি হূংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷
অন্য এক খবৰৰ বাবে:কলগাছিয়াত পথ দুৰ্ঘটনা: আহত দুজন