অসম

assam

By

Published : Dec 22, 2021, 10:59 PM IST

ETV Bharat / city

SPO জোৱানৰ স্থায়ী নিযুক্তি আৰু মণিপুৰী স্বায়ত্বশাসিত পৰিষদ গঠনৰ দাবীত উত্তাল হ’ল মহানগৰীৰ চচল

বিশেষ আৰক্ষী বিষয়া সকলক স্থায়ী নিযুক্তি (Permanent appointment of SOP) প্ৰদান আৰু মণিপুৰী স্বায়ত্বশাসিত পৰিষদ গঠন(Manipuri autonomous council)ৰ দাবীত বুধবাৰে উত্তাল হ’ল মহানগৰীৰ চচল ৷

দল সংগঠনৰ প্ৰতিবাদত উত্তাল হল মহানগৰীৰ চচল
দল সংগঠনৰ প্ৰতিবাদত উত্তাল হল মহানগৰীৰ চচল

গুৱাহাটী, ২২ ডিচেম্বৰ:ন্যাৰ্য প্ৰাপ্তিৰ দাবী তুলি অসম বিধানসভাৰ তৃতীয় দিনা কেইবাটাও দল সংগঠনৰ প্ৰতিবাদত উত্তাল হল মহানগৰীৰ চচলৰ ধৰ্ণাস্থলী । ২০০৮ চনৰ পৰা পৰা কৰ্মৰত হৈ থকা বিশেষ আৰক্ষী বিষয়া সকলক স্থায়ী নিযুক্তি (Permanent appointment of SOP) প্ৰদানৰ দাবী তুলি সদৌ অসম বিশেষ আৰক্ষী বিষয়া আৰু অসম বিশেষ আৰক্ষী কল্যাণ সমিতিৰ যুটীয়া উদ্যোগত বুধবাৰে পুৱা ১০ বজাৰ পৰা দিনৰ ১ বজালৈ চচলত প্ৰতিবাদ সাব্যস্ত কৰে ।

বুধবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতিৰ সম্পাদক মৃত্যুঞ্জয় বৰা আৰু সদৌ অসম বিশেষ আৰক্ষী বিষয়া কল্যান সমিতিৰ সম্পাদক প্ৰহ্লাদ দাসে কয় যে, ডিমা হাছাওত উগ্ৰপন্থীৰ সৈতে মোকাবিলা কৰাৰ অভিজ্ঞতাপুষ্ট SPO জোৱানসকলৰ নিযুক্তি তথা স্থায়ী সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । অথচ উগ্ৰপন্থীৰ গুলীবৰ্ষণত কেইবাজনো সতীৰ্থ নিহত হোৱাৰ পিছতো বিশেষ আৰক্ষী বিষয়াসকলৰ স্থায়ী সংস্থাপন নোহোৱাৰ লগতে আৰু নিহতসকলে শ্বহীদৰ মৰ্যাদাও নাপালে ।

দল সংগঠনৰ প্ৰতিবাদত উত্তাল হল মহানগৰীৰ চচল

ইফালে 2013 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰৰ গৃহ বিভাগৰ তৰফৰ পৰা SPO সকলক নিযুক্তি দিয়াৰ বাবে প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও আজিলৈকে কাৰ্যকৰী নোহোৱাত আক্ষেপ প্ৰকাশ কৰে । সেয়ে AISF বেটেলিয়ন দুটাত খালী হৈ থকা ৫ শতাধিক পদ অতি সোনকালে মোকোলাই দি তাত এই বিশেষ আৰক্ষী বিষয়াৰ জোৱানসকলক নিযুক্তি দিয়াৰ দাবী তোলে ।

মন কৰিবলগীয়া যে, 2018 চনৰ 25 অক্টোবৰ তাৰিখে গৃহ আৰু ৰাজনৈতিক বিভাগে অসম আৰক্ষীৰ 2% পদ বিশেষভাৱে ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও আজি পৰ্যন্ত সেই কাম সম্পূৰ্ন নোহোৱাত আক্ষেপ প্ৰকাশ কৰে বুধবাৰে প্ৰতিবাদত বহা এছ অ’ পিসকলে ।

ভিন্ন প্ৰান্তত কৰ্মৰত প্ৰায় সহস্ৰাধিক এছ অ’ পি জোৱানসকলৰ দাবীসমূহ পূৰণ নকৰিলে তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদীসকলে ।

ইফালে অসমৰ মণিপুৰী সম্প্ৰদায়ৰ বাবে স্বায়ত্ব পৰিষদ গঠনৰ দাবী তুলি বুধবাৰে চচলত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংযুক্ত মণিপুৰী সংস্থা,অসমে । সংগঠনটোৰ সভাপতি এল.শৰৎ চন্দ্ৰ সিংহ ই কয় যে, যোৱা ৩০ বছৰ ধৰি মণিপুৰী স্বায়ত্বশাসিত পৰিষদ গঠন(Manipuri autonomous council)ৰ দাবী জনাই অহাৰ পিছতো অসম চৰকাৰে তেওঁলোকৰ সাংবিধানিক দাবী পূৰণ নকৰাত সন্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:বিভিন্ন জিলাত কেবিনেট বৈঠক অনুষ্ঠিত কৰি পুঁজিৰ অপব্যৱহাৰৰ প্ৰসংগত উত্তাল সদন

ABOUT THE AUTHOR

...view details