অসম

assam

ETV Bharat / city

কালাতলীত অগপ দলৰ নিৰ্বাচনী কাৰ্যালয়ৰ ভাঙি লণ্ড-ভণ্ড - নিৰ্বাচনী সভা

নিৰ্বাচনী সভালৈ যোৱা একাংশ অগপ সমৰ্থকে কালাতলীৰ নতুন কাঠমী বজাৰত গাড়ী ভাড়া ও গাড়়ীৰ তেলৰ খৰচ নিদিয়াত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি ৷ নিৰ্বাচনী কাৰ্যালয়ৰ বেনাৰ, পোষ্টাৰ, চকী আদি লণ্ডভণ্ড একাংশৰ ৷

কালাতলীত অগপ দলৰ নিৰ্বাচনী কাৰ্যালয়ৰ বেনাৰ, পোষ্টাৰ, চকী ভাঙি লণ্ডভণ্ড
কালাতলীত অগপ দলৰ নিৰ্বাচনী কাৰ্যালয়ৰ বেনাৰ, পোষ্টাৰ, চকী ভাঙি লণ্ডভণ্ড

By

Published : Apr 2, 2021, 2:21 PM IST

বকো, 2 এপ্ৰিল:বৃহস্পতিবাৰে ৪৮ নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণতলীত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ লগতে অগপ দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত উপস্থিত থাকে মিত্ৰজোঁট প্ৰচাৰ সভাখনত ৷

কালাতলীত অগপ দলৰ নিৰ্বাচনী কাৰ্যালয়ৰ বেনাৰ, পোষ্টাৰ, চকী ভাঙি লণ্ডভণ্ড

অগপ দলৰ প্ৰাৰ্থী জ্যোতি প্ৰসাদ দাসৰ এখনি নিৰ্বাচনী প্ৰচাৰ সভালৈ বকো সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ সমাৱেত কৰাৰ উদ্দেশ্যে গাড়ী ভাড়া ও তেলৰ খৰচ দিব বুলি কৈ সমবেত কৰিছিল একাংশ লোকক ৷ নিৰ্বাচনী সভালৈ যোৱা একাংশ অগপ সমৰ্থকে কালাতলীৰ নতুন কাঠমী বজাৰত গাড়ী ভাৰা ও গাড়়ীৰ তেলৰ খৰচ নিদিয়াত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । ক্ষুদ্ধ সমৰ্থকসকলে বজাৰখনত থকা অগপ দলৰ নিৰ্বাচনী কাৰ্যালয়ৰ বেনাৰ, পোষ্টাৰ, চকী আদি লণ্ডভণ্ড কৰি অগপ গ’ বেক ধ্বনিৰে পৰিৱেশৰ উত্তাল কৰে ৷

লগতে পঢ়ক:জনতা ভৱনৰ পৰা পোনপটীয়া নিৰীক্ষণত ৫০ শতাংশ ভোটকেন্দ্ৰ

ABOUT THE AUTHOR

...view details