অসম

assam

অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ

By

Published : Jul 24, 2020, 2:45 AM IST

অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যযুৰি প্ৰতিবাদ ৷ কৃষক মুক্তিৰ সভাপতি ৰাজু বৰাই এক ভিডিঅ' বাৰ্তাযোগে পুনৰ চৰকাৰক সকিয়নি প্ৰদান কৰে । শীঘ্ৰে কৃষক নেতা অখিল গগৈক কাৰাগাৰৰ পৰা মুকলি কৰিবলৈ দাবী জনাই সভাপতিগৰাকীয়ে ।

অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ
অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ

গুৱাহাটী, 24 জুলাই : ৰাজ্যৰ সৰ্বত্ৰে এতিয়া কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী উত্থাপন হৈছে । প্ৰায় ৬ মাহে কাৰাৰুদ্ধ হৈ থকা কৃষক মুক্তিৰ নেতা ধৈৰ্য্য কোঁৱৰ,বিতু সোণোৱাল,মানস কোঁৱৰৰ জামিনৰ পিছতে অখিল গগৈৰ মুক্তিৰ দাবীত অধিক সৰ্বাত্মক হৈ উঠিছে প্ৰতিবাদ ।

অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ

বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষক মুক্তি সংগ্ৰাম সমিতি,চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,নাৰী মুক্তি সংগ্ৰাম সমিতিৰ লগতে কেইবাটাও দল-সংগঠনে কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । এই সন্দৰ্ভত কৃষক মুক্তিৰ সভাপতি ৰাজু বৰাই এক ভিডিঅ' বাৰ্তাযোগে পুনৰ চৰকাৰক সকিয়নি প্ৰদান কৰে । শীঘ্ৰে কৃষক নেতা অখিল গগৈক কাৰাগাৰৰ পৰা মুকলি কৰিবলৈ দাবী জনাই সভাপতিগৰাকীয়ে । অন্যথা ইয়াতকৈও জোৰদাৰ আন্দোলন হ'ব বুলি উল্লেখ কৰে কৃষক মুক্তিৰ সভাপতি ৰাজু বৰাই ।

লগতে পঢ়কঃমোৰ লগত ধেমালি কৰা বাদ দিয়ক : ড৹ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details