অসম

assam

ETV Bharat / city

খিলঞ্জীয়াৰ সুৰক্ষাৰ দাবীত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিবাদ - এনআৰচি প্ৰসংগ

মঙলবাৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে মহানগৰীৰ চচলত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এন আৰ চিত বাদ পৰা গৰিয়া - মৰিয়া,দেশীকে ধৰি খিলঞ্জীয়া সকলক বিশেষ ব্যৱস্থাৰে অন্তৰ্ভুক্ত কৰাৰ দাবী জনাই সংগঠনৰ সদস্যসকলে ৷ সংগঠনটোৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন আলফা নেতা মৃনাল হাজৰিকাই ৷

খিলঞ্জীয়াৰ সুৰক্ষাৰ দাবীত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিবাদ

By

Published : Sep 10, 2019, 5:09 PM IST

গুৱাহাটী, 10 ছেপ্তেম্বৰ : মঙলবাৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে মহানগৰীৰ চচলত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এন আৰ চিত বাদ পৰা গৰিয়া-মৰিয়া,দেশীকে ধৰি খিলঞ্জীয়া সকলক বিশেষ ব্যৱস্থাৰে অন্তৰ্ভুক্ত কৰাৰ দাবী জনাই সংগঠনৰ সদস্যসকলে ৷ তাৰোপৰি,এন আৰ চিত খিলঞ্জীয়াক বাদ দিয়া আৰু অবৈধ বিদেশীক অন্তৰ্ভুক্ত কৰা বিষয়ৰ তদন্ত দাবী কৰাৰ লগতে গৰিয়া-মৰিয়া দেশী জলহা ইছলামধৰ্মী খিলঞ্জীয়াৰ অৰ্থ সামাজিক সুকীয়া জৰীপ কাৰ্য সম্পন্ন কৰিবলৈ আহ্বান কৰে সংগঠনটোৱে ৷ সংগঠনটোৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন আলফা নেতা মৃনাল হাজৰিকাই ৷

খিলঞ্জীয়াৰ সুৰক্ষাৰ দাবীত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিবাদ

খিলঞ্জীয়াই নিজৰ নাম অন্তৰ্ভুক্তিৰ বাবে বিদেশী ন্যায়াধীশৰ ওচৰত এনেদৰে ঘূৰি ফুৰিব লগা হোৱা কাৰ্য কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি জনাই হাজৰিকাই । ইফালে, এন আৰ চিৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকক আইনী সাহায্য প্ৰদান কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি দাবী কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ।

ABOUT THE AUTHOR

...view details