অসম

assam

ETV Bharat / city

সাংবাদিকক সুৰক্ষা প্ৰদানৰ দাবীত নাৰেংগীত প্ৰতিবাদ

সাংবাদিকৰ সুৰক্ষাৰ বাবে চৰকাৰক আইন প্ৰণয়ন কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে । লগতে প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সাংবাদিকৰ সুৰক্ষাৰ দাবী সম্বলিত এক স্মাৰকপত্ৰও মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ৷

নাৰেংগীত প্ৰতিবাদ পূৱ গুৱাহাটী প্ৰেছ ক্লাবৰ কৰ্মকৰ্তাৰ

By

Published : Apr 29, 2019, 3:18 PM IST

গুৱাহাটী, 29 এপ্ৰিল : সাংবাদিক আক্ৰমণৰ প্ৰতিবাদত আৰু সাংবাদিকৰ সুৰক্ষাৰ দাবীত নাৰেংগীত ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত । বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাগৰাকী সাংবাদিকক দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'বলগীয়া হোৱা ঘটনাৰ প্ৰতিবাদত আৰু কৰ্মৰত সাংবাদিকৰ সুৰক্ষাৰ দাবীত পূব গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত নাৰেংগী ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,নুনমাটি ছাত্ৰ সন্থা,নাৰেংগী ব্যৱসায়ী সন্থা, নাৰেংগী উন্নয়ন সমিতিৰ সহযোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ।

নাৰেংগীত প্ৰতিবাদ পূৱ গুৱাহাটী প্ৰেছ ক্লাবৰ কৰ্মকৰ্তাৰ

সাংবাদিকৰ সুৰক্ষাৰ বাবে চৰকাৰক আইন প্ৰণয়ন কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে । লগতে প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সাংবাদিকৰ সুৰক্ষাৰ দাবী সম্বলিত এক স্মাৰকপত্ৰও মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ৷




ABOUT THE AUTHOR

...view details