ছয়গাঁও,২৬ অক্টোবৰ: " অহা ১ নৱেম্বৰৰ পৰা বিদ্যালয়সমূহত এন জি অ'ৰ দ্বাৰা মধ্যাহ্ন ভোজন বিতৰণ কৰিলে তাৰ বিৰুদ্ধে প্ৰৱল প্ৰতিৰোধী আন্দোলন গঢ়ি তোলা হ’ব। মধ্যাহ্ন ভোজন ৰান্ধনী সকলৰ দাবীক আওকাণ কৰি চৰকাৰে এন জি ওৰ নামত একাংশ বৃহৎ ব্যৱসায়িক প্ৰতিস্থানক মুনাফা অৰ্জনৰ সুযোগ দিয়াৰ ফলত শিক্ষাৰ্থী শিশু সকল সতেজ আৰু পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত হ'ব। ফলস্বৰূপে অসমৰ প্ৰায় এক লাখ উন্নৈশ হাজাৰ ৰন্ধন কৰ্মচাৰী কামৰ অনিশ্চয়তাত ভুগিব লগা হৈছে" । শনিবাৰে বিয়লি ছয়গাঁও প্ৰেছ ক্লাৱত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সম্পাদিকা কনকলতা দাসে এক সংবাদ মেলত সাংবাদিকৰ আগত এইদৰে মন্তব্য প্ৰকাশ কৰে। তেওঁ আৰু কয় যে চৰকাৰৰ এই সিদ্ধান্ত মধ্যাহ্ন ভোজন আঁচনিৰ পৰিপন্থী হোৱাৰ লগতে মহিলা সৱলীকৰণৰ বিৰোধী। সম্পাদিকাগৰাকীয়ে লগতে কয় যে কেৰালাৰ লগতে দেশৰ আন কেতবোৰ ৰাজ্যত চৰকাৰে ৰান্ধনী সকলক ১২মাহৰ বাবে মাননি,অতিৰিক্ত মাননি,উৎসৱ ভাট্টা,৪ লাখ টকালৈ বীমাৰ সুবিধা,বছৰত দুযোৰকৈ কাপোৰ আদি সুবিধা প্ৰদান কৰি আহিছে। তাৰ বিপৰীতে দৈনিক ৩৩.৩৩ টকা নিৰিখত ২০০৫ চনৰ পৰা কাম কৰি অহা দুখীয়া ৰান্ধনী সকলক অসম চৰকাৰে বঞ্চিত কৰিবহে বিচাৰিছে বুলিও ক্ষোভেৰে কয় ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিৰোধী আন্দোলন গঢ়ি তোলা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে । চৰকাৰে এন জি অ'ৰ দ্বাৰা এই আচনি কাৰ্যকৰী কৰিলে ৰান্ধনী ঘৰ নিৰ্মাণ আৰু ৰান্ধনীশালৰ নামত ব্যয় কৰা ধনৰ অপব্যয় হ’ব বুলিও সংবাদ মেলত মন্তব্য কৰে।
ব্যক্তিগত প্ৰতিষ্ঠানক মধ্যাহ্ন ভোজনৰ আচঁনি ৰূপায়ণ কৰাৰ নিৰ্দেশৰ বিৰুদ্ধে হুংকাৰ - সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন
সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ অসন্তুষ্টি প্ৰকাশ ৷ মধ্যাহ্ন ভোজন ৰান্ধনীৰ আন্দোলনৰ হুংকাৰ ৷
protest against mid day meal privatisation in chaygaon
লগতে পঢ়কঃ চাংসাৰিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ দুজনৰ আৱস্থা সংকটজনক
শনিবাৰে এই সংবাদমেলত সম্পাদিকাগৰাকীৰ উপৰিও সভানেত্ৰী লাৱণ্য দাস,কাৰ্যকৰী সভাপতি হিতেশ দাস,উপ সভানেত্ৰী বিউটি দাসৰ লগতে জিলা সদস্য কাঞ্চন বড়ো,বীণা কলিতা আৰু পবিত্ৰ পাঠক উপস্থিত থাকে। উল্লেখযোগ্য যে চৰকাৰী এক নিৰ্দেশ অনুসৰি অহা ১ নৱেম্বৰৰ পৰা মধ্যাহ্ন ভোজনৰ আচঁনিখন ব্যক্তিগত খণ্ডৰ জৰিয়তে ৰূপায়ণ কৰা হ’ব বুলি প্ৰকাশ পোৱাত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীসকল ৷
TAGGED:
মধ্যাহ্ন ভোজন কৰ্মচাৰীসকল