গুৱাহাটী, 25 নৱেম্বৰ :বঙাইগাঁৱত যোৱা বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট(Assam Cabinet Meeting At Bongaigaon)ত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বাধ্যতামূলকভাৱে থকা অসমীয়া ভাষাক আঁতৰাই দিয়াৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ (Assamese language to be removed from APSC) বিৰোধিতা কৰি অসম জাতীয় পৰিষদে বৃহস্পতিবাৰে গুৱাহাটীত প্ৰতিবাদ সাবস্ত কৰে ।
প্ৰতিবাদকাৰীসকলে কেবিনেটত অসম লোকসেৱা আয়োগ(Assam Public Service Commission)ৰ পৰীক্ষাত বাধ্যতামূলকভাৱে থকা অসমীয়া ভাষাক আঁতৰাই দিয়াৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতিলিপি ৰাজপথত দাহ কৰি প্ৰতিবাদ সাৱস্ত কৰে । কাৰ্যসূচীত অংশ লৈ অসম জাতীয় পৰিষদ(Assam Jatiya Parishad)ৰ সাংগঠনিক সম্পাদক অমিতাভ বৰঠাকুৰে কয় যে কেবিনেটত হোৱা সিদ্ধান্ত মৰ্মে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বাধ্যতামূলকভাৱে থকা অসমীয়া ভাষাক আঁতৰাই দিয়া হৈছে । এয়া অসমীয়া জাতি আৰু অসমীয়া ভাষাৰ বাবে চূড়ান্ত অপমানজনক কথা ।