গুৱাহাটী, ৪ ডিচেম্বৰ :Central Association of Private Security Industry চমুকৈ CAPSIয়ে সমগ্ৰ দেশতে 4 নৱেম্বৰ দিনটো Private Security Day(ব্যক্তিগত সুৰক্ষা দিৱস) হিচাপে পালন কৰে । অসমতো পোন প্ৰথমবাৰৰ বাবে CAPSI ৰ অসম শাখাই মহানগৰীৰ বোন্দাৰ সুৰুজ নগৰত এই দিনটো উদযাপন কৰে । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি CAPSI ৰ অসম শাখাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত কৰ্ণেল ডি কে চক্ৰৱৰ্তীয়ে সমগ্ৰ দেশত প্ৰায় ৯০ লাখ যুৱক যুৱতীয়ে নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত হৈ থকাৰ কথা জানিবলৈ দিয়ে ।
চক্ৰৱৰ্তীয়ে সদৰি কৰা অনুসৰি অসমত ব্যক্তিগত নিৰাপত্তাৰক্ষী সংখ্যা ডেৰ লাখৰো অধিক আৰু ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা দিয়াই হৈছে নিৰাপত্তাৰক্ষীৰ মূল কৰ্তব্য । সেয়ে সকলোকে সততা আৰু নিষ্ঠাৰ সহকাৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য সম্পাদন কৰিবলৈ আহ্বান জনায় চক্ৰৱৰ্তীয়ে । তেওঁ লগতে কয় যে, বিগত সময়চোৱাত ক’ৰণাৰ ভয়াৱহতাৰ মাজতো নিজৰ জীৱনক তুচ্ছ কৰি নিৰাপত্তাৰক্ষীসকলে কৰ্তব্য পালন কৰি গৈছে । তাৰবাবে তেওঁ নিৰাপত্তাৰক্ষীসকলক ধন্যবাদ জ্ঞাপন কৰে । অনুষ্ঠান CAPSI ৰ সাধাৰণ সম্পাদক মেজৰ সুৰজিত বৰ্মন, যুটীয়া সম্পাদক কুলেন বৈশ্য, কাৰ্যকৰী সদস্য দ্বীপেন্দ্ৰ জিৎ তালুকদাৰকে ধৰি CAPSI ৰ অসম শাখাৰ কেইবাজনো বিষয়ববীয়া তথা ১২ টা চিকিউৰিটি এজেঞ্চিৰ প্ৰতিনিধি উপস্থিত থাকে ।