গুৱাহাটী,১৭ জুলাইঃসাধাৰণ লোকৰ মুৰত পুনৰ মাধমাৰ । ১৮ জুলাই অৰ্থাৎ সোমবাৰৰ পৰা বৃদ্ধি পাব ২১বিধ খাদ্য সামগ্ৰীকে ধৰি আন বহুতো সামগ্ৰীৰ দাম (GST imposed on twenty one food items) । প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে বিৰোধী দলসমূহৰ তীব্ৰ বিৰোধিতাৰ পাছতো বহু সামগ্রীত নতুনকৈ জি এছ টি বলবৎ কৰাৰ লগতে আন বহুতো সামগ্ৰীৰ জি এছ টি বৃদ্ধিৰ সিদ্ধান্ত লৈছে ।
কেন্দ্ৰীয় চৰকাৰৰ এনে জনবিৰোধী সিদ্ধান্তৰ বাবেই সোমবাৰৰ পৰা পেকেজিং কৰা তথা লেবেল থকা খাদ্য সমগ্ৰী যেনে দৈ, মৌ, মাখন, লাচ্চি, ৱাটাৰ মিল্ক, চিৰা, পিঠাগুৰি, কর্নফ্লেক্স, চয়াবিন, মটৰ আদিৰ পৰা আৰম্ভ কৰি মাছ, মাংস, পনীৰলৈকে সকলোতে ৫ শতাংশ জি এছ টি দিব লাগিব । আনকি পৰিৱৰ্তনৰ আশা দেখুৱাই কেন্দ্ৰত অধিষ্ঠিত হোৱা বিজেপি চৰকাৰখনে কেঁচা চাহপাতৰ দৰে সামগ্ৰীতো জি এছ টি বলবৎ কৰি লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কক বিপদৰ মুখলৈ ঠেলি দিছে (GST on green tea leaf) । ইয়াৰ ফলত অসমৰ দৰে ৰাজ্যৰ ক্ষুদ্র চাহ খেতিয়কসকল সংকটৰ সন্মুখীন হ'ব ।
কেন্দ্ৰীয় চৰকাৰে থলুৱা ক্ষুদ্র উদ্যোগীয়ে প্রস্তুত কৰা সামগ্ৰীতো জি এছ টি আৰোপ কৰাৰ বাবে লোৱা সিদ্ধান্তৰ ফলত সৰু সৰু ব্যৱসায়ীসকলৰ মূৰত এতিয়া ৰামটাঙোন পৰিব । মন কৰিবলগীয়া কথা যে অহা ১৮ জুলাইৰ পৰা হোটেলত থকা আৰু চিকিৎসালয়ত ভৰ্তি হৈ চিকিৎসা কৰাও ব্যয়বহুল হৈ পৰিব । কিয়নো কেন্দ্ৰীয় চৰকাৰে চিকিৎসালয়ৰ কোঠাৰ মাচুল প্রতিদিনে ৫ হাজাৰ টকাৰ ওপৰত হ'লে ৫ শতাংশ জি এছ টি আৰোপ কৰাৰ সিদ্ধান্ত লৈছে । একেদৰে প্ৰতিদিনে ১,০০০ টকাতকৈ কম মূল্যৰ হোটেলৰ কোঠাত ১২ শতাংশ কৰ দিব লাগিব ।