গুৱাহাটী, 15 জুলাই:সমগ্ৰ বিশ্বৰ লগতে দেশতো অব্যাহত আছে কৰ'ণা ভাইৰাছৰ ত্ৰাস । এফালে কৰ'ণা ভাইৰাছৰ বাবে স্তব্ধ হৈ পৰিছে জনজীৱন ৷ আনফালে আকৌ ভূতৰ ওপৰত দানহ পৰা দি আহিছে বান । ইপিনে গুৱাহাটী মহানগৰীত চলি থকা লক ডাউনৰ বাবে সৃষ্টি হৈছে খাদ্য সমগ্ৰীৰ যথেষ্ট নাটনি ।
বিশেষকৈ গুৱাহাটী মহানগৰীলৈ যান-বাহন সেৱা বন্ধ হৈ পৰাৰ ফলত ৰাজ্যৰ অন্যান্য ঠাই সমূহৰ পৰা গুৱাহাটীলৈ আহিব পৰা নাই শাক-পাচলিৰ বাহন সমূহ । বৰ্তমান গুৱাহাটীত শাক-পাচলিৰ মূল্যই মাধমাৰ সোধাইছে সাধাৰণ জনতাক । আলু আৰু পিয়াঁজৰ মূল্য প্ৰতি কেজিত ৩০-২৫ টকা আছে যদিও অন্যান্য পাচলিৰ দামে চুইছে শতকৰ ঘৰলৈ ৷