গুৱাহাটী, 2 ফেব্ৰুৱাৰী : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই দেওবাৰে এক সংবাদমেলৰ আয়োজন কৰে ৷ এই সংবাদমেলতে কেন্দ্ৰীয় বাজেট, 2020-21 ৰ কঠোৰ সমালোচনা কৰে ৰিপুন বৰাই ৷ ভাৰতীয় ইতিহাসৰ আটাইতকৈ দীঘলীয়া বাজেট ভাষণত অৰ্থনৈতিক উন্নয়নৰ বিষয়ে একো নাই বুলি মন্তব্য কৰে বৰাই ৷ সভাপতিগৰাকীয়ে কয় যে, বাজেটখন কেৱল কবিতা, উক্তি আৰু বৰ্ণনাৰে ভৰপূৰ, সাধাৰণ ৰাইজৰ বাবে বাজেটখনত আশাব্যঞ্জক একো নাই ৷ এই বাজেটৰ পৰা অসমৰ সৰ্বসাধাৰণ ৰাইজ উপকৃত হোৱাৰ পৰিৱৰ্তে মুষ্টিমেয় এটা শ্ৰেণীহে লাভাম্বিত হৈছে ।
আনহাতে, ৰিপুন বৰাই কয় যে, বাজেটখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে নিৰ্মলা সীতাৰমণৰ বাজেট ভাষণৰ পাচতে চেনচেক্স প্ৰায় 100 পইণ্টলৈ অৱনমিত হয় ৷ বাজেটত বহু চৰকাৰী খণ্ডৰ কাৰ্য্যালয় ব্যক্তিগত কৰাৰ লগতে ৰেল ব্যৱস্থাৰ ব্যাপক পৰিবৰ্তন অনাৰ কথাও উল্লেখ কৰে সভাপতিগৰাকীয়ে ৷ বহু আঁচনিৰ কথা এই বাজেটত ঘোষণা কৰিলেও কংগ্ৰেছে এই বাজেটক বিশ্বাস নকৰে কাৰণ পূৰ্বৰ বাজেটৰ বহু আঁচনি বৰ্তমানেও কাৰ্যকৰী নোহোৱাটোৱে এই চৰকাৰৰ ব্যর্থতাৰ দিশ উদঙাই দিছে বুলি সংবাদমেলত জনায় সভাপতিগৰাকীয়ে ৷ অংগনবাদী সমূহলৈ 8 মাহে খোৱা সামগ্ৰী যোগান ধৰিব নোৱাৰা চৰকাৰে স্মাৰ্টফোন দিয়াৰ যুক্তি ক'ত বুলি প্ৰশ্ন কৰে ৰিপুন বৰাই ৷