গুৱাহাটী, ৯ জুলাই: ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিবাদৰ ওচৰত সেও মানি অৱশেষত কৃষিভূমি পুজিপতি বণিক গোষ্ঠীৰ হাতত তুলি দিয়াৰ চিন্তা বাদ দিবলগীয়া হ'ল ৰাজ্য চৰকাৰে । বৃহস্পতিবাৰে দিছপুৰৰ জনতা ভৱনত এখন সংবাদমেলত ভাগ লৈ এই নতুন সংশোধনীৰ বিষয়ে সদৰী কৰে ৰাজ্যৰ উদ্যোগ আৰু বানিজ্য মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ চন্দ্ৰমোহন পাটোৱাৰীয়ে ।
সংবাদমেলখনত পাটোৱাৰীয়ে কয় যে পূৰ্বে আধ্যাদেশখনত আছিল যে প্ৰয়োজনীয় স্বীকৃতিপত্ৰ লাভ কৰাৰ পিছত যিকোনো উদ্যোগ স্থাপন কৰিবলৈ লোৱা কৃষিভূমি অনা-কৃষিকাৰ্যৰ বাবে ৰূপান্তৰিত হোৱা বুলি বিবেচিত হব । কিন্তু এতিয়া প্ৰস্তাৱ কৰা হৈছে যে ভূমি সম্পৰ্কে এনে কোনো ৰেহাই দিয়া নহ'ব । যিকোনো উদ্যোগ আৰম্ভ কৰাৰ পূৰ্বে ভূমি সম্পৰ্কীয় সকলো অনুমতিপত্ৰ, ক্লিয়াৰেঞ্চ আৰু অনুমোদন লব লাগিব । ইয়াৰ উপৰি যিকোনো উদ্যোগ স্থাপনৰ কাৰনে "আছাম এগ্ৰিকালচাৰেল লেণ্ড (ৰেগুলেছন অৱ ৰিক্লাচিফিকেছন এণ্ড ট্ৰেঞ্চফাৰ ফৰ নন এগ্ৰিকালচাৰেল পাৰপ'জ) এক্ট ২০১৫ ৰ সকলো নিৰ্দেশনা পালন কৰি চলিবই লাগিব ।
তদুপৰি ভূমি আইন ২০১৫ মনাৰ উপৰিও আধ্যাদেশৰ খচৰাত ইতিমধ্যে প্ৰস্তাৱ কৰা হৈছে যে কোনো উদ্যোগকেই নিষেধাজ্ঞা আৰোপিত ভূমি যেনে- পাব্লিক গ্ৰেজিং, ৰিজাৰ্ভ, গ্ৰাম্য গ্ৰেজিং ৰিজাৰ্ভ, বিল, ঐতিহ্যময়, ঐতিহাসিক অথবা প্ৰত্নতাত্বিক স্থান, ধৰ্মীয় অনুষ্ঠানৰ ভূমি, জনজাতীয় বেল্ট বা ব্লকৰ ভূমি আৰু মাষ্টাৰ প্লেনত অন্তৰ্ভুক্ত ভূমি ব্যৱহাৰ কৰিবলৈ দিয়া নহব । তেওঁ আৰু কয় যে ৰাইজৰ মাজত সৃষ্টি হোৱা আশংকাৰ প্ৰতি লক্ষ্য ৰাখি এই সংক্ৰান্তত যাতে বিভ্ৰান্তিৰ সৃষ্টি নহয় আৰু খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ যাতে সম্পূৰ্ণভাবে সুৰক্ষিত থাকে তাৰ বাবে ভূমি সংক্ৰান্তীয় আইনৰ নিৰ্দেশনাসমূহ কঠোৰভাবে পাৰন কৰাটো নিশ্চিত কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে ।