গুৱাহাটী, ২৩ মাৰ্চ : শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সদৌ অসম শ্বহীদ নিৰ্যাতিতা পৰিয়াল পৰিষদে সম্বাধন কৰে এখন সংবাদমেল । দীৰ্ঘদিন ধৰি শ্বহীদ নিৰ্যাতিতা পৰিয়ালে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ অহাৰ বাবে আয়োজন কৰে সংবাদমেলখনৰ । সংবাদমেলত অতি শীঘ্ৰে শ্বহীদ পৰিয়ালৰ সদস্য সকলক সংস্থাপন দিয়াৰ বাবে মুখ্যমন্ত্ৰীলৈ দাবী জনোৱাৰ লগতে জলসম্পদ বিভাগত 2018 বৰ্ষত লিখিত আৰু মৌখিক পৰীক্ষা নিদিয়াকৈ চৰকাৰে নিযুক্তি দিয়াৰ পৰিৱৰ্তে অন্য বিভাগত আবেদন কৰা 400 জনৰ নিযুক্তি কি হ’ল বুলি প্ৰশ্নও উত্থাপন কৰে শ্বহীদ পৰিয়াল পৰিষদে ।
শ্বহীদ নিৰ্যাতিতা পৰিয়াল পৰিষদৰ সংবাদমেল - পৰিষদে
শ্বহীদ পৰিয়ালৰ সদস্য সকলক সংস্থাপন দিয়াৰ বাবে মুখ্যমন্ত্ৰী লৈ দাবী শ্বহীদ নিৰ্যাতিতা পৰিয়াল পৰিষদৰ ৷
শ্বহীদ নিৰ্যাতিতা পৰিয়াল পৰিষদে সম্বাধন সংবাদমেল
উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এশ দিনীয়া কাৰ্যসূচীত নিবনুৱাক সংস্থাপন আৰু এককালীন ভাট্টা দিয়া হ'ব বুলি আশ্বাস দিছিল যদিও সেয়া বাস্তৱত কাৰ্যকৰী নকৰাৰ অভিযোগ উত্থাপন কৰে পৰিষদে। লগতে, অসম আন্দোলনৰ গুলীবিদ্ধ সকলক যিদৰে সাহাৰ্য প্ৰদান কৰিলে সেইদৰে বিশেষভাৱে সক্ষম লোকসকলকো সাহাৰ্যদিয়াৰ দাবী জনালে শ্বহীদ নিৰ্যাতিতা পৰিয়াল পৰিষদে ৷