বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাৰ আহ্বান 70 সংগঠনৰ
আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটক ভোটদান নকৰিবলৈ আহ্বান 70 টা সংগঠনৰ
গুৱাহাটী, 22 মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনলৈমাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে ৰাজ্যৰ 70 টা সংগঠনৰ আহ্বান বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটক পৰাভূত কৰাৰ ৷ বিজেপি চৰকাৰেলোকসভা আৰু ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন কৰিছিল যদিও বিৰোধী দলৰ তীব্ৰ বিৰোধিতাৰ ফলত বিধেয়কখন গৃহীত কৰিবলৈ সক্ষম নহ'ল বুলি মত প্ৰকাশ কৰে অখিল গগৈয়ে ৷ লগতে বিজেপি চৰকাৰ পুনৰ ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি মত প্ৰকাশ কৰা চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি শুকুৰবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত 70 টা সংগঠনে এক আলোচনাত মিলিত হয় আৰু এই বৰ্ষৰ লোকসভা নিৰ্বাচনত বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটক ভোটদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷