অসম

assam

By

Published : Apr 29, 2022, 4:14 PM IST

ETV Bharat / city

President Colour Award : অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতি কালাৰ সন্মান

অসম আৰক্ষীলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে এক বিৰল সন্মান ৷ ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত মনোভাবেৰে আৰু উৎকৃষ্ট মানবিশিষ্ট সেৱা আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে দেশৰ অন্যতম সামৰিক সন্মান ৰাষ্ট্ৰপতি কালাৰ সম্মান (President colour award to Assam police)৷

President Colour Award
President Colour Award

গুৱাহাটী, 29 এপ্ৰিল :অসম আৰক্ষীলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে এক বিৰল সন্মান ৷ অসম আৰক্ষীয়ে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত মনোভাবেৰে আৰু উৎকৃষ্ট মানবিশিষ্ট সেৱা আগবঢ়োৱাৰ বাবে দেশৰ অন্যতম সামৰিক সন্মান ৰাষ্ট্ৰপতি কালাৰ সম্মান লাভ কৰিছে (President colour award) ৷

জানিব পৰা মতে, অসম আৰক্ষী হৈছে এই স্বীকৃতি লাভ কৰা দশম ৰাজ্যিক আৰক্ষী বাহিনী (President Colour Award to Assam Police) । দেশত প্ৰথমবাৰৰ বাবে 1952 চনত উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ এই সামৰিক সন্মান লাভ কৰিছিল । পৰৱৰ্তী সময়ত দিল্লী আৰক্ষী, মহাৰাষ্ট্ৰ আৰক্ষী, জম্মু আৰু কাশ্মীৰ আৰক্ষী, তামিলনাডু আৰক্ষী, ত্ৰিপুৰা আৰক্ষী, হিমাচল প্ৰদেশ আৰক্ষী আৰু হাৰিয়ানা আৰক্ষীয়ে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।

এতিয়াৰ পৰা অসম আৰক্ষীৰ প্ৰতিজন বিষয়া-জোৱানৰ পোছাকত থাকিব গৌৰৱৰ প্ৰতীক ৰাষ্ট্ৰপতিৰ নিচান ৷ অহা10 মে’ত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে (Union Home Minister Amit Shah) অসম আৰক্ষীক আনুষ্ঠানিকভাৱে এই বিৰল সন্মান প্ৰদান কৰিব ৷

উল্লেখ্য যে, শান্তি আৰু যুদ্ধৰ সময়ত ৰাষ্ট্ৰক প্ৰদান কৰা ব্যতিক্ৰমী সেৱাৰ স্বীকৃতিস্বৰূপে ৰাষ্ট্ৰপতিৰ কালাৰ (President colour award) এটা সামৰিক গোটক প্ৰদান কৰা হয় । অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই (DGP Bhaskar Jyoti Mahanta) টুইটাৰত মন্তব্য কৰি কয় যে, ‘‘অসম আৰক্ষীৰ বাবে এয়া এক বিৰল সন্মান ।’’ তেওঁ কয় যে, ‘‘অসম আৰক্ষীৰ বাবে এয়া ঐতিহাসিক সময় আৰু বঁটা প্ৰদান অনুষ্ঠানটোৰ বাবে অসম আৰক্ষী ভালদৰে প্ৰস্তুত ।’’

লগতে পঢ়ক :দুৰ্নীতি আৰু লবীয়ে কংগ্ৰেছ দলক ভাঙি পেলাইছে : শৰৎ বৰকটকী

ABOUT THE AUTHOR

...view details