গুৱাহাটী,4 আগষ্ট : শ্বাসৰুদ্ধ অসমবাসী ৷ মাত্ৰ আৰু কেইটামান ক্ষণৰ পাচতে অসম কন্যা লাভলীনা বৰগোঁহাই সোমাব বক্সিঙৰ ৰিঙত ৷ আজি অৰ্থাৎ বুধবাৰে দিনৰ 11 বজাত অনুষ্ঠিত হ’ব টকিঅ’ অলিম্পিক(Tokyo Olympics)ৰ মহিলাৰ বক্সিঙৰ 69 কেজিৰ ছেমিফাইনেল ৷ অসমৰ হৈ অলিম্পিকত ইতিহাস ৰচা অসমৰ প্ৰথম মহিলা বক্সাৰ লাভলীনা বৰগোঁহাইৰ বাবে আজি এক বিশেষ দিন ৷
এই বিশেষ দিনটোৰ প্ৰাকঃসন্ধ্যা অৰ্থাৎ মঙলবাৰে সন্ধ্যা খেলুৱৈগৰাকীক শুভেচ্ছা জনোৱাৰ লগতে তেওঁৰ বিজয় কামনাৰে নেহৰু ষ্টেডিয়ামত এক বিশেষ বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ আয়োজন কৰা হয় । বন্তি প্ৰজ্বলন কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । লৌহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ প্ৰতিমূৰ্তিৰ সন্মুখত এগছি বন্তি প্ৰজ্বলনেৰে মুখ্যমন্ত্ৰীয়ে এই কার্যসূচীৰ শুভাৰম্ভ কৰে ।
এই অনুষ্ঠানত উপস্থিত থকা খেলুৱৈসকলৰ সৈতেও বার্তালাপ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, বুধবাৰে পুৱা ১১ বজাত ছেমি ফাইনেলত অৱতীৰ্ণ হ'বলগীয়াঅসম জীয়ৰী লাভলীনা বৰগোহাঁইৰ বিজয় কামনাৰে মঙবাৰে এই বিশেষ কার্যসূচী হাতত লোৱা হৈছে ।