অসম

assam

By

Published : Nov 13, 2020, 10:40 PM IST

ETV Bharat / city

পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবী 'প্ৰতিদিন টাইম'ৰ

কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ সন্দেহজনক মৃত্যুৰ উচিত তদন্তৰ দাবী প্ৰতিদিন টাইমৰ ৷ অতি শীঘ্ৰে ঘটনাৰ চিবিআই তদন্ত দাবী কৰিছে সাংবাদিকসকলে ৷

Pratidin Time claims investigation on Parag Bhuyan case
পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবী 'প্ৰতিদিন টাইম'ৰ

গুৱাহাটী, 13 নৱেম্বৰ : কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ সন্দেহজনক দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ৷ এই দুৰ্ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰি বিভিন্ন দল-সংগঠন তথা সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ ব্যক্তিগত বৈদ্যুতিক মাধ্যম 'প্ৰতিদিন টাইম'য়ে শুকুৰবাৰে কাৰ্যালয়ৰ সন্মুখত এই ঘটনাৰ উচিত তদন্ত দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবী 'প্ৰতিদিন টাইম'ৰ

প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ আৰু ক'লা বেজ পৰিধান কৰি ন্যায় লাগিবই, হত্যাৰ আঁৰত কোন উত্তৰ লাগে আদি শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিবেশ । দুৰ্নীতিৰ বিৰুদ্ধে আপোচ বিহীনভাৱে বাতৰি পৰিবেশন কৰি অহা সাংবাদিকগৰাকীক অচিনাক্ত বাহনে খুন্দিয়াই হত্যা কৰিছে বুলি মন্তব্য কৰে সাংবাদিক-সংবাদ কৰ্মীসকলে ৷

আনহাতে, প্ৰতিবাদকাৰীসকলে সমগ্ৰ ঘটনাৰ চিবিআইৰ তদন্ত দাবী কৰিছে। ইপিনে সাংবাদিকৰ ওপৰত দিনক দিনে বৃদ্ধি পাই অহা নিৰ্যাতন ৰোধ কৰাত ৰাজ্য চৰকাৰ চৰম ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি প্ৰতিবাদকাৰীসকলে সাংবাদিকৰ সুৰক্ষাৰ বাবে সুকীয়া আইন প্ৰণয়নৰো দাবী জনায়।

লগতে পঢ়ক :পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুত লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details