গুৱাহাটী,18 অক্টোবৰ : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বদলিকৰণক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন মহলত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে নিৰাপত্তাজনিত কাৰণত হাজেলাক মধ্য প্ৰদেশলৈ বদলিৰ নিৰ্দেশ জাৰি কৰাৰ পাচতে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকা আৰু হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে ৷
প্ৰতীক হাজেলাৰ বদলিকৰণ : ৰাজ্যজুৰি প্ৰতিক্ৰিয়া - প্ৰতীক হাজেলাৰ বদলিকৰণ : ৰাজ্যজুৰি প্ৰতিক্ৰিয়া
প্ৰতীক হাজেলাৰ বদলিকৰণক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন জনে ৷ উপমন্যু হাজৰিকা আৰু শিলাদিত্য দেৱেও নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷
প্ৰতীক হাজেলাৰ বদলিকৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া
এই সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি উপমন্যু হাজৰিকাই কয় যে,হাজেলাৰ বদলিকৰণে নাগৰিকপঞ্জীৰ পুনৰ পৰীক্ষণৰ পথ প্ৰশস্ত কৰিব। লগতে তেওঁ কয়,নাগৰিকপঞ্জীখন ক্ৰটিপূৰ্ণ হোৱাৰ লগতে বহুসংখ্যক বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে,সেয়েহে পুনৰ পৰীক্ষণৰ দাবী উত্থাপিত হৈ আহিছে ৷
বিপৰীতে তিনি বছৰ ধৰি প্ৰতীক হাজেলা এজন ভাল ব্যক্তি নহয় বুলি মন্তব্য কৰি আহিছে শিলাদিত্য দেৱে ৷ তেওঁৰ দৰে এজন ভ্ৰষ্টাচাৰী নেতাৰ বাবেই অসমৰ জনগণই শুদ্ধ এন আৰ চি লাভ নকৰিলে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷