অসম

assam

ETV Bharat / city

হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালক মুকলি প্ৰত্যাহ্বান প্ৰদ্যুত বৰদলৈৰ - Pressmeet of Pradyut Bordoloi at Rajiv Bhavan

ৰাজীৱ ভৱনত প্ৰদ্যুৎ বৰদলৈ সংবাদমেল ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্ত পেলাই ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কংগ্ৰেছ প্ৰচাৰ অভিযানৰ অধ্যক্ষ প্ৰদ্যুত বৰদলৈৰ ৷

হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালক মুকলি প্ৰত্যাহ্বান প্ৰদ্যুত বৰদলৈৰ
হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালক মুকলি প্ৰত্যাহ্বান প্ৰদ্যুত বৰদলৈৰ

By

Published : Mar 26, 2021, 12:02 PM IST

গুৱাহাটী, 26 মাৰ্চ :ৰাজীৱ ভৱনত কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ সংবাদমেল ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্ত পেলাই ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কংগ্ৰেছ প্ৰচাৰ অভিযানৰ অধ্যক্ষ প্ৰদ্যুত বৰদলৈৰ ৷

হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালক মুকলি প্ৰত্যাহ্বান প্ৰদ্যুত বৰদলৈৰ

বৃহস্পতিবাৰৰ সংবাদমেলত বিজেপিক কঠোৰ সমালোচনা কংগ্ৰেছী সাংসদ গৰাকীৰ ৷ বৰদলৈয়ে কটাক্ষ কৰি কয়, "বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতিৰ অতি নিম্নগামী পৰ্যায় পালেগৈ ৷ ইয়াৰ আগতে কোনো ৰাজনৈতিক দলে এনে কৰা নাছিল ৷ এইবাৰৰ নিৰ্বাচনত বিজেপিৰ বহু দায়িত্বশীল নেতাই সাম্প্ৰদায়িক ৰাজনীতি কৰা দেখা গ'ল ৷"

সমান্তৰালভাৱে গৃহমন্ত্ৰী অমিত শ্বাহকো কঠোৰ সমালোচনা সাংসদ প্ৰদ্যুত বৰদলৈৰ ৷ তেওঁ কয়, "সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত কোনো আন্দোলন নাই হোৱা বুলি মন্তব্য কৰিছিল গৃহমন্ত্ৰী গৰাকীয়ে ৷ কিন্ত 'কা' আন্দোলনৰ কথা কিয় পাহৰিলে বিজেপিয়ে ?"

আনহাতে, অমিত শ্বাহে শংকৰদেৱক বাবা শংকৰদেৱ বুলি কোৱা প্ৰসংগকো দোহাৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ তেওঁ কয়, "শংকৰদেৱ, মাধৱদেৱৰ কথা বিজেপিৰ মুখত শোভা নাপায় ৷ সেয়া ভূতৰ মুখত ৰাম নাম নিচিনা কথা ৷ যোৱা ৫ টা বছৰে কি কৰিলে বিজেপি চৰকাৰে, আকৌ কিয় বানমুক্ত অসমৰ কথা কৈ আছে? বানমুক্ত অসম, এনআৰচি, অসম চুক্তি এই সকলো কথাৰ ওপৰত মুকলি তৰ্ক হওঁক বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰত্যাহ্বান জনালে সাংসদ বৰদলৈয়ে ৷

লগতে পঢ়ক :শিৱসাগৰত বিজেপিৰ সাংসদৰ সংবাদমেল

ABOUT THE AUTHOR

...view details