অসম

assam

ETV Bharat / city

মাউন্ট এভাৰেষ্টৰ উচ্চতা: ৰাধানাথ চিকদাৰক স্বীকৃতি প্ৰদানৰ দাবী পিপিএফএৰ

মাউন্ট এভাৰেষ্টক বঙালী গণিতবিদ ৰাধানাথ চিকদাৰৰ নামেৰে নামাকৰণ কৰাৰ দাবী পেট্ৰিয়টিক পিপলছ ফ্ৰন্ট (পিপিএফ), অসমৰ ৷ ৰাধানাথ চিকদাৰক তেওঁৰ অৱদানৰ বাবে স্বীকৃতি প্ৰদান কৰাৰ আহ্বান জনাই পেট্ৰিয়টিক পিপলছ ফ্ৰন্টে কেন্দ্ৰীয় চৰকাৰক এই আহ্বান জনাইছে ৷

PPFA demands recognition to Radhanath Sikder
ৰাধানাথ চিকদাৰক স্বীকৃতি প্ৰদানৰ দাবী পিপিএফএৰ

By

Published : Dec 11, 2020, 2:22 PM IST

গুৱাহাটী, 10 ডিচেম্বৰ:মাউন্ট এভাৰেষ্টৰ বৰ্তমানৰ উচ্চতা নিৰূপন কৰাক লৈ বিভিন্ন মহলৰ মাজত চৰ্চা অব্যহত থকাৰ মাজতে পেট্ৰিয়টিক পিপলছ ফ্ৰন্ট (পিপিএফ), অসমে ৰাধানাথ চিকদাৰক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰাৰ বাবে আহ্বান জনাইছে ৷

বিশ্বৰ সৰ্বোচ্ছ শৃংগ মাউন্ট এভাৰেষ্টৰ নতুন উচ্চতা (সাগৰৰ পৰা 8848.86 মিটাৰ) নিৰূপন কৰাৰ সন্দৰ্ভত আয়োজিত এক আলোচনাত অংশ লৈ পিপিএফে নতুন দিল্লীৰ কেন্দ্ৰীয় চৰকাৰক ভাৰতীয় পণ্ডিত ৰাধানাথ চিকদাৰক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰাৰ বাবে আহ্বান জনায় ৷ চিকদাৰ আছিল প্ৰথম গৰাকী ব্যক্তি যিয়ে 'পিক XV'/ সাগৰমাথা' 'চোমোলুংমা'/'দেওডুংঘা' ৰ উচ্চতা জুখি বিশ্বৰ সৰ্বোচ্চ শৃংগটোৰ উচ্চতাৰ মাপ পোৱাত সহায় কৰিছিল ৷

লগতে পঢ়ক:নেপালে সোনকালে ঘোষণা কৰিব এভাৰেষ্টৰ নতুন উচ্চতা

এগৰাকী বঙালী গণিতবিদ তথা ভাৰতৰ জৰীপ বিভাগৰ এগৰাকী কৰ্মচাৰী চিকদাৰে স্ফেৰিকেল ট্ৰিকোণমিতিৰ জটিল সূত্ৰৰ মাধ্যমত বৰফেৰে আবৃত কনিষ্ঠতম পৰ্বতমালাৰ উচ্চতা নিৰূপন কৰিছিল ৷ নেপাল আৰু তীব্বত সীমান্তত অৱস্থিত সাগৰমাথা ৰাষ্ট্ৰীয় উদ্যানত তেওঁ পৰ্বতটোৰ উচ্চতা মাপ কৰিছিল ৷ 1852 চনত লোৱা মাপ অনুসৰি এই উচ্চতা আছিল 8,839 মিটাৰ ৷

কলকাতাৰ চিকদাৰপাৰাত 1813 চনত জন্মলাভ কৰা এই মানৱ পৰিকলন যন্ত্ৰ গৰাকী বঙালী যুৱ আন্দোলনৰ সেই দুগৰাকীৰ মাজৰ এজন যিয়ে নিউটনৰ প্ৰিঞ্চিপিয়া অধ্যায়ন কৰিছিল ৷ 1870 চনৰ 17 মে'ত কলকাতাত শেষ নিশ্বাস ত্যাগ কৰা চিকদাৰক 1851 চনত ভাৰতৰ জৰীপৰ মুখ্য কম্পিউটাৰ হিচাপে স্বীকৃতি দিয়া হৈছিল ৷

এক বিবৃতিযোগে পিপিএফে কয় যে , "আমি বিশ্বাস কৰো যে ৰাধানাথ চিকদাৰক তেওঁৰ অৱদান বাবে স্বীকৃতি প্ৰদান কৰি বিশ্বৰ উচ্চতম শৃংগটোক তেওঁৰ নামেৰে নামাকৰণ কৰা উচিত ৷ যদিহে মাউন্ট এভাৰেষ্টক পুনৰ নামাকৰণ কৰাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয় তেন্তে আমি ‘South Summit’ ক তেওঁৰ নামেৰে নামাকৰণ কৰাৰ বাবে আহ্বান জনাম ৷" পিপিএফে লগতে এই কথাও উল্লেখ কৰে যে, নতুন দিল্লীস্থিত কেন্দ্ৰীয় চৰকাৰে এইক্ষেত্ৰত নেপাল আৰু তীব্বতৰ সৈতে এবাৰ আলোচনা কৰা উচিত ৷

উল্লেখ্য যে শেহতীয়াকৈ অনুষ্ঠিত এখন কেবিনেট বৈঠকত নেপালৰ ভূমি ব্যৱস্থাপনা মন্ত্ৰণালয়ক এভাৰেষ্টৰ উচ্চতা ঘোষণা কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছিল ৷ নেপালৰ ভূমি ব্যৱস্থাপনা মন্ত্ৰী পদ্ম কুমাৰী আৰ্যলে এভাৰেষ্টৰ উচ্চতা জোখাৰ কাম সম্পূৰ্ণ কৰা হৈছে বুলি উল্লেখ কৰি শীঘ্ৰে এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰাৰ কথাও ব্যক্ত কৰিছিল ৷

1954 চনত ভাৰতে চলোৱা সমীক্ষাৰ অন্তত নেপালী ভাষাত 'সাগৰমাথা' ৰূপে জনাজাত শৃংগটোৰ উচ্চতা 8848 মিটাৰ বুলি ঘোষণা কৰা হৈছিল ।

লগতে পঢ়ক:নেপালে মঙলবাৰে ঘোষণা কৰিব মাউণ্ট এভাৰেষ্টৰ নতুন উচ্চতা

ABOUT THE AUTHOR

...view details