গুৱাহাটী, 8 নৱেম্বৰ : সমগ্ৰ দেশতে অব্যাহত আছে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত বিদ্যুৎ সংশোধনী বিধেয়ক-2021 বাতিলৰ দাবীত প্ৰতিবাদ ৷ বুধবাৰে পুৱাৰে পৰা অসমতো এই সংশোধনী বিধেয়ক বাতিলৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়(protest against tabling of Electricity Amendment Bill) ৷ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয় বিজুলী ভৱনকে ধৰি ৰাজ্যৰ প্ৰতিটো চক্ৰ-সংমণ্ডল আৰু প্ৰকল্প সমূহৰ কাৰ্য্যালয়ৰ সম্মুখত এই বিধেয়ক বাতিল কৰাৰ দাবীত বিক্ষোভ প্ৰৰ্দশন কৰা হয় ।
ইয়াৰোপৰি জনসাধাৰণৰ অসুবিধাৰ কথা লক্ষ্য ৰাখি উক্ত সময়ত বিজুলী যোগান অব্যাহত ৰাখি বাকী সকলো প্ৰশাসনীয় কাৰ্য্যালয় আৰু ৰাজহ সংগ্ৰহ আদিত সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়া হয় বিজুলী সেৱা । আনহাতে, এই প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থত বিদ্যুৎ সংশোধনী বিধেয়ক আইনত পৰিণত কৰি দেশৰ বিদ্যুৎ খণ্ডক সম্পূৰ্ণ ব্যক্তিগতকৰণ কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে ।