অসম

assam

ETV Bharat / city

ৰাজ্যত অব্যাহত আছে পোষ্টেল বেলটৰ প্ৰক্ৰিয়া - মুখ্য নিৰ্বাচনী বিষয়া

পোষ্টেল বেলট প্ৰক্ৰিয়াত এইবাৰ বিশেষভাৱে সক্ষম, ৮০ বছৰৰ ঊৰ্দ্ধৰ আৰু কৰ’ণাত আক্ৰান্ত লোকক সামৰি লোৱা হৈছে । অসমত ৮০ ঊৰ্দ্ধৰ ২,৮৯,৪৭৩ গৰাকী আৰু বিশেষভাৱে সক্ষম ১,৩৮,১৫৯ গৰাকী ভোটাৰ আছে ।

পোষ্টেল বেলটৰ প্ৰক্ৰিয়া অব্যাহত । এইবাৰ নতুন ভোটাৰ ৮,৩৩,২৩২ গৰাকী
পোষ্টেল বেলটৰ প্ৰক্ৰিয়া অব্যাহত । এইবাৰ নতুন ভোটাৰ ৮,৩৩,২৩২ গৰাকী

By

Published : Mar 20, 2021, 2:27 PM IST

গুৱাহাটী,২০ মাৰ্চঃ ক'ভিড-১৯ৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ নিৰ্বাচনত পোষ্টেল বেলটৰ প্ৰক্ৰিয়াত কিছু নতুনত্ব অনা হৈছে । এই প্ৰক্ৰিয়াত বিশেষভাৱে সক্ষম, ৮০ বছৰৰ ঊৰ্দ্ধৰ লোক আৰু কৰ’ণাত আক্ৰান্ত লোকক সামৰি লোৱা হৈছে । এই তিনিটা পৰ্যায়ৰ লোকৰ বাবে পোষ্টেল বেলটযোগে ভোট দিয়াৰ ব্যৱস্থা কৰা হৈছে ।

ইতিমধ্যে ২৭ মাৰ্চৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে পোষ্টেল বেলটৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে । শনিবাৰলৈ ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে সমগ্ৰ ৰাজ্যত কিমান লোকে পোষ্টেল বেলট ব্যৱহাৰ কৰিছে সেই সন্দৰ্ভত সবিশেষ তথ্য দিব পৰা নাই যদিও সমষ্টিয়ে সমষ্টিয়ে পোষ্টেল বেলটৰ যোগেদি ভোটদানৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি জানিবলৈ দিয়ে ।

পোষ্টেল বেলটৰ প্ৰক্ৰিয়া অব্যাহত । এইবাৰ নতুন ভোটাৰ ৮,৩৩,২৩২ গৰাকী

বৃহস্পতিবাৰলৈ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে ৯ টা পোষ্টেল বেলট লাভ কৰা বুলি জানিবলৈ দিয়ে । আনহাতে প্ৰথম পৰ্যায়ৰ বাবে পোষ্টেল বেলট জমা দিয়াৰ অন্তিম দিন হৈছে ২৬ মাৰ্চ । পোষ্টেল বেলটৰ সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিকা কৰাৰ বাবে কৰ্তৃপক্ষই যাবতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ৰাজ্যৰ বিভিন্ন ঠাইত পোষ্টেল বেলট ব্যৱহাৰ কৰা ভোটাৰক হেঁচা প্ৰয়োগ কৰাৰ অভিযোগো উত্থাপন হৈছে ।

এই প্ৰক্ৰিয়াটোত ভোটাৰক প্ৰভাৱিত কৰাৰ যথেষ্ট আশংকা আছে । পোষ্টেল বেলটৰ প্ৰক্ৰিয়াটো জিলা নিৰ্বাচনী বিষয়াৰ তত্বাৱধান কৰা হৈছে । প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে আবেদনৰ সময়সীমা ৬ মাৰ্চত সমাপ্ত হৈছে । সেইদৰে বাকী দুটা পৰ্যায়ৰ আবেদনৰ সময়সীমাও ইতিমধ্যে সমাপ্ত হৈছে ।

পোষ্টেল বেলটৰ প্ৰক্ৰিয়া অব্যাহত । এইবাৰ নতুন ভোটাৰ ৮,৩৩,২৩২ গৰাকী

উল্লেখ্য যে, মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জনোৱা অনুসৰি এইবাৰ নিৰ্বাচনত অসমত ৮০ ঊৰ্দ্ধৰ ২,৮৯,৪৭৩ গৰাকী ভোটাৰ আছে । সেইদৰে বিশেষভাৱে সক্ষম ১,৩৮,১৫৯ গৰাকী ভোটাৰ আছে । এই সংখ্যা চাৰি লাখৰো অধিক । আনহাতে নিৰ্বাচনৰ দিন ঘোষণাৰ সময়ৰ তথ্য মতে সেই সময়ত কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা আছিল ২৮৯ গৰাকী । এই সংখ্যা সাল-সলনি হোৱাৰ সম্ভাৱনা আছে ।

পোষ্টেল বেলট ব্যৱহাৰ কৰা সকলে ভোটকেন্দ্ৰত ভোট দিয়াৰ সুবিধা নাপাব । আনহাতে এইবাৰৰ নিৰ্বাচনত নতুন ভোটাৰৰ সংখ্যা হৈছে ৮,৩৩,২৩২ গৰাকী । ১৮ বছৰ বয়সৰ পৰা ১৯ বছৰ বয়সৰ এইসকল নতুন ভোটাৰে প্ৰথমবাৰৰ বাবে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব । উল্লেখ যে বিগত নিৰ্বাচনত নতুন ভোটাৰ আছিল ৪,৯২,৭০১ গৰাকী । এইবাৰ প্ৰ‍ায় দুগুণ বৃদ্ধি পালে ।

২৭ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ২৬৪ গৰাকী প্ৰাৰ্থী অবতীৰ্ণ হৈছে । ইয়াৰ ভিতৰত ২৪১ জন পুৰুষ আৰু ২৩ গৰাকী মহিলা ।

লগতে পঢ়কঃকলাইগাঁৱত দূৰ্গা দাস বড়োৰ হৈ প্ৰচাৰ চলালে হাগ্ৰামা মহিলাৰীয়ে

ABOUT THE AUTHOR

...view details