গুৱাহাটী, ১০ ডিচেম্বৰঃ অসমৰ শৈক্ষিক ক্ষেত্ৰৰ আমুল পৰিৱৰ্তনৰ বাবে চৰকাৰে বিশেষ উদ্যোগ লৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে । এখনৰ পাছত আনখনকৈ স্থাপন কৰিছে বিশ্ববিদ্যালয় । গ্ৰহণ কৰিছে সংস্কাৰমূলক ব্যৱস্থা । কিন্তু শৈক্ষিক উত্তৰণৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে ৰাজ্যৰ শিক্ষাখণ্ডৰ পুতৌজনক ছবিখন উন্মোচিত হৈছে ( Poor school infrastructure in Assam) ।
চৰকাৰী তথ্য মতে, দেশৰ ভিতৰত অসমতে আছে সৰ্বাধিক কেঁচা ঘৰৰ বিদ্যালয় । তথ্য অনুসৰি দুৰ্বল আন্ত:গাঁথনি (Poor infrastructure in schools)ৰ কেঁচাঘৰৰ বিদ্যালয়তে ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে । ইয়াৰোপৰি মাধ্যমিক পর্যায়ত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰতো দেশৰ ভিতৰতে দ্বিতীয় স্থান অধিকাৰ কৰিছে অসমে ।
আনহাতে ৰাজ্যৰ শৈক্ষিক দিশত পিছপৰা জিলা হিচাপে চিনাক্ত কৰা হৈছে বাৰখনকৈ জিলা । কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি আজিৰ তাৰিখত দেশত মুঠ ২৭,০৯৯ খন বিদ্যালয়ে কেঁচা ঘৰতে পাঠদান অব্যাহত ৰাখিছে । ইয়াৰ ভিতৰতে অসমতে আছে সৰ্বাধিক ৬,৫৫৪ খন বিদ্যালয় । ৰাজ্যখনৰ মুঠ চৰকাৰী বিদ্যালয়ৰ ১৩.৯ শতাংশই কেঁচা ঘৰত পাঠদান অব্যাহত ৰাখিছে । আনহাতে অসমত মাধ্যমিক বিদ্যালয় এৰা শিক্ষার্থীৰ হাৰ হৈছে ৩২.২৫ শতাংশ । ইয়াৰ বিপৰীতে মাধ্যমিক বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় হাৰ হৈছে ১৬.০৭ শতাংশ । অর্থাৎ অসমত ৰাষ্ট্ৰীয় হাৰতকৈ দুগুণৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে আধাতে বিদ্যালয় ত্যাগ কৰে ।
ইফালে অসমত ৭৬.৮ শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে প্ৰথমিক বিদ্যালয়ত নামভৰ্তি কৰে বুলি তথ্যত প্ৰকাশ পাইছে । ইয়াৰে ৬২.৯ শতাংশই মাধ্যমিক পর্যায়লৈ শিক্ষা জীৱন অব্যাহত ৰাখে । মাধ্যমিক শিক্ষাৰ পাছতে অন্তর্ধান হয় অধিকাংশ ছাত্ৰ-ছাত্ৰী । আনহাতে উচ্চ মাধ্যমিকত নামভৰ্তি কৰে কেৱল ৩৯.৪৭ শতাংশ ছাত্ৰ-ছাতৰীয়েহে । ইয়াৰ পাছত উচ্চতৰ মাধ্যমিকত অধ্যয়ন কৰে মাত্ৰ ১৭.২৪ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে ।