অসম

assam

ETV Bharat / city

সমাধিস্থলত কেনে আছে সুধাকণ্ঠ?

অসমীয়াৰ হিয়াৰ আমঠু শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰৰ খবৰ ল'বলৈ আহৰি নাই এতিয়া চৰকাৰ-প্ৰশাসনৰ ৷ যাৰ বাবে প্ৰস্ৰাৱগাৰ আৰু জাৱৰ জোথৰ পেলোৱা ঠাইত পৰিণতত হৈছে সমাধিক্ষেত্ৰটো।

কেৱল জলসংকটেই নহয় কদৰ্যময় পৰিবেশে আৱৰিছে ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ

By

Published : Jun 11, 2019, 5:29 PM IST

Updated : Jun 11, 2019, 5:35 PM IST

গুৱাহাটী,11 জুন: জাৱৰ-জোথৰৰে ভৰি পৰিছে মহানগৰীৰ জালুকবাৰীস্থিত সুধাকণ্ঠ ড0 ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ চৌহদৰ । অসমীয়াৰ হিয়াৰ আমঠু শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰৰ খবৰ ল'বলৈ আহৰি নাই এতিয়া চৰকাৰ-প্ৰশাসনৰ ৷ যাৰ বাবে প্ৰস্ৰাৱগাৰ আৰু জাৱৰ জোথৰ পেলোৱা ঠাইত পৰিণতত হৈছে সমাধিক্ষেত্ৰটো। স্থানীয় ৰাইজে এই কথা অৱগত কৰিছে যদিও কোনো গুৰুত্ব দিয়া নাই বিভাগীয় কৰ্তৃপক্ষই।

কেৱল জলসংকটেই নহয় কদৰ্যময় পৰিবেশে আৱৰিছে ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ

ইয়াৰোপৰি ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখতে চিচি বাছৰ অবৈধ পাৰ্কিং৷ এই ক্ষেত্ৰত কেৱল NO PARKINGৰ এখন ফলক লগায়ে দায়িত্ব সামৰিছে যানবাহন আৰক্ষীয়ে ৷ ইয়াৰ ফলত ভূপেন হাজৰিকা সমাধিক্ষেত্ৰলৈ অহা বিভিন্ন স্থানৰ দৰ্শনাৰ্থীয়ে ভুগিবলগীয়া হৈছে সমস্যাৰ ৷ স্থানীয় ৰাইজে এই ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷

Last Updated : Jun 11, 2019, 5:35 PM IST

ABOUT THE AUTHOR

...view details