গুৱাহাটী, ৩০ অক্টোবৰ :পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে শনিবাৰে অনুষ্ঠিত ভোটগ্ৰহণত তামুলপুৰ সমষ্টিত তুলনামূলকভাৱে কম হাৰত ভোটদান হোৱাটো পৰিলক্ষিত হয় । নিশা ৮ বজাত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি গোঁসাইগাঁও সমষ্টিত ৭৭.৩৭%, ভবানীপুৰত ৭৮%, তামুলপুৰত ৬৭.৮৮ %, মৰিয়নিত ৭৫.০৭ % আৰু থাওৰাত ৭৩.৩৮ % ভোটদান হৈছে ।
অৱশ্যে এয়াই চূড়ান্ত তথ্য নহয় বুলিও আয়োগে স্পষ্ট কৰি দিছে । মনকৰিবলগীয়া যে, আজিৰ এই উপ-নিৰ্বাচনত এই পৰ্যন্ত কোনো এটা সমষ্টিতে ভোটদানৰ হাৰে ৮০% স্পৰ্শ কৰাৰ খবৰ অহা নাই । সামগ্ৰিকভাৱে নিশা ৮ বজা পৰ্যন্ত পাঁচোটা সমষ্টিত সামগ্ৰিক ভোটদানৰ হাৰ ৭৩.৩৮ % । অৰ্থাৎ সামগ্ৰিকভাৱেও উপ-নিৰ্বাচনৰ ভোটদানৰ হাৰে ৮০ শতাংশৰ ঘৰ নুচুলেগৈ ।