গুৱাহাটী, ২৭ এপ্ৰিল :গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ(Gauhati Medical College Hospital) পৰা ৭মহীয়া শিশু সন্ধানহীন(Baby goes missing from GMCH) হোৱা ঘটনাৰে নাম সাঙোৰ খোৱা নাৰ্ছ বিভাৰাণী ঠাকুৰীয়া বুধবাৰে গুৱাহাটীত উপস্থিত হয় । চেন্নাইৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈয়ে ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হয় শুৱালকুছি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত এএনএম হিচাপে কৰ্মৰত নাৰ্চগৰাকী ৷ বিভাৰাণী ঠাকুৰীয়াই ২১ এপ্ৰিলৰ পৰা ২৫ এপ্ৰিললৈ ছুটি লৈ পুনৰ কামত যোগদান নকৰাত সমগ্ৰ ঘটনাৰে তেওঁৰ নাম সাঙুৰ খাই পৰিছিল ।
ইফালে গুৱাহাটীত উপস্থিত হৈ বিভাৰাণী ঠাকুৰীয়া কয় যে, মই নিজেই জনা নাই আচলতে কি হৈছে । দুই-তিনিটা বছৰ জিএমচিএইচলৈ যোৱা নাই । কি শিশু হেৰাইছে একো জনাও নাই । পাঁচদিন চুটি লৈছিলোঁ, হঠাৎ যাব লগা হ’ল চেন্নাইলৈ । মোৰ নামটো কোনে আনিছে সেইয়া তদন্ত হ’ব লাগে । চেন্নাইলৈ মোৰ ভাইটিৰ কিডনী চিকিৎসা বাবে গৈছিলো’’ ।