অসম

assam

ETV Bharat / city

ভিক্টৰ দাসৰ ঘৰত অভিযান চলাই লেপটপ জব্দ কৰিলে আৰক্ষীয়ে - Victor Das complaint

ভিক্টৰ দাসৰ লেপটপ জব্দ কৰিলে আৰক্ষীয়ে ৷ যোৱা নিশা নিশা ভিক্টৰ দাসৰ ঘৰত চলিছিল আৰক্ষীৰ অভিযান ৷ শুকুৰবাৰে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছতে বৰ্তমান ৭ দিনৰ বাবে পাণবজাৰ আৰক্ষীৰ জিন্মাত আছে (Police raid in Victor Das house)।

Police seized Victor Das laptop
Police seized Victor Das laptop

By

Published : Sep 12, 2022, 4:35 PM IST

Updated : Sep 12, 2022, 6:02 PM IST

গুৱাহাটী, 12 ছেপ্টেম্বৰ :নিশা ভিক্টৰ দাসৰ ঘৰত আৰক্ষীৰ অভিযান (Police raid in Victor Das house)। ভিক্টৰ দাসৰ লেপটপ জব্দ কৰে আৰক্ষীয়ে (Police seized Victor Das laptop) ৷ এই কথা সংবাদমাধ্যমৰ আগত জনালে ভিক্টৰ দাসৰ মাতৃ জুৰিমণি দাসে । তেওঁ কয় যে, সি দালালৰ বিৰুদ্ধেহে মাত মাতিছিল, চৰকাৰৰ বিৰুদ্ধে নহয় । হিমন্ত বিশ্ব শৰ্মাৰ আগত সি বহু সৰু ল’ৰা । মহানগৰীত দিছপুৰ আৰক্ষীয়ে দালাল আটক সন্দৰ্ভত তেওঁ কয় যে, জলসিঞ্চনে হওক বা অন্য বিভাগেই হওক, দালাল দালালেই (Victor Das mother on broker arrest)।

উল্লেখ্য যে, ভিক্টৰ দাসে তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন হোৱা বুলি টুইটাৰত অভিযোগ উত্থাপন কৰিছিল (Victor Das complaint) । প্ৰতিটো পদৰ বাবে ৩ লাখ টকাৰ পৰা ৮ লাখ টকালৈ ধনৰ লেনদেন চলিছে আৰু চাকৰি কিনা বেচা প্ৰক্ৰিয়াৰ আৰত প্ৰাক্তন বিধায়ক থকা বুলিও অভিযোগ কৰে ভিক্টৰে । মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, বিশেষ সঞ্চালক প্ৰধানক উদ্দেশ্যি ভিক্টৰ দাসে টুইট কৰিছিল (Victor Das tweet)। এই টুইটক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া হয় ।

ভিক্টৰ দাসৰ ঘৰত অভিযান চলাই লেপটপ জব্দ কৰিলে আৰক্ষীয়ে

তাৰ পাচতেই শুকুৰবাৰে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছতে বৰ্তমান ৭ দিনৰ বাবে পাণবজাৰ আৰক্ষীৰ জিন্মাত আছে ।

ইফালে ভিক্টৰ দাসক গ্ৰেপ্তাৰৰ পাচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ দুৰ্নীতিৰ অভিযোগ তোলা ভিক্টৰক গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিছে বিৰোধী দল সমূহে ৷ এয়া চৰকাৰৰ স্বৈৰাচাৰিতা বুলি উল্লেখ কৰিছে কেইবাজনো বিৰোধী নেতাই ৷ আৰক্ষীয়ে সোধা-পোচাৰ বাবে ভিক্টৰৰ চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীকো তলৱ কৰিছিল যদিও সোধা-পোচা কৰি তেওঁলোকক যাবলৈ দিয়া হয় ৷

আনহাতে শাসকীয় পক্ষৰ মন্ত্ৰী-বিধায়কে ভিক্টৰক কোনো কাৰণতে ক্ষমাৰ অযোগ্য প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে ৷ মুখ্যমন্ত্ৰীয়ে এই কাৰ্যক জেমচ বণ্ডৰ চিনেমা বুলি উল্লেখ কৰাৰ বিপৰীতে মন্ত্ৰী পীযুষ হাজৰিকায়ো এয়া সম্পূৰ্ণ ভিত্তিহীন বুলি উল্লেখ কৰে ৷ ইফালে ভিক্টৰৰ বিৰোধিতা কৰিবলৈ গৈ সংবাদ মাধ্যমক বাতৰি পৰিৱেশনৰ পাঠ পঢ়োৱাও দেখা গ’ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ৷ জিম্মাৰ ম্যাদ শেষ হোৱাৰ পাচতহে জানিব পৰা হ’ব ভিক্টৰৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে ৷

লগতে পঢ়ক:নিযুক্তিৰ বাবে তালিকা প্ৰস্তুত কৰি মহানগৰীত আটক দালাল চক্ৰ

Last Updated : Sep 12, 2022, 6:02 PM IST

ABOUT THE AUTHOR

...view details