অসম

assam

ETV Bharat / city

ড্ৰাগছ বিক্ৰী কৰি আৰক্ষীৰ জালত স্বামী-স্ত্রী আৰু খুলশালী - গহণা

কটাহবাৰীৰ মছজিদ গলিত ভাড়া ৰুমত বাহৰ পাতি স্বামী-স্ত্রী আৰু খুলশালীয়ে দীৰ্ঘদিনৰ পৰা চলাই আহিছিল ড্ৰাগছৰ বেহা । অভিযানত নগদ ২ লাখ টকাসহ ৫ লক্ষাধিক টকাৰ সোণ-ৰূপৰ আ-অলংকাৰ জব্দ আৰক্ষীৰ ।

ড্ৰাগছৰ বেহা কৰি আৰক্ষীৰ জালত স্বামী-স্ত্রী আৰু খুলশালী
ড্ৰাগছৰ বেহা কৰি আৰক্ষীৰ জালত স্বামী-স্ত্রী আৰু খুলশালী

By

Published : Aug 6, 2021, 10:37 PM IST

গুৱাহাটী,৬ আগষ্ট : ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰিয়েই ৰাজ্যৰ পৰা ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বেহা উৎখাত কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছিল ৷ তাপাছতে ৰাজ্যজুৰি অভিযান চলাই অসম আৰক্ষীয়ে কোটি কোটি টকাৰ ড্ৰাগছকে ধৰি নিচাজাতীয় সমাগ্ৰী উদ্ধাৰ কৰিছিল ৷ লগতে এই বেহাৰ সৈতে জড়িত সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷

আজিও এই নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷ তাৰমাজতে পুনৰ গুৱাহাটী মহানগৰীত সক্ৰিয় হৈছে ড্ৰাগছ সৰবৰাহকাৰী । মহানগৰীৰ কটাহাবাৰীত গড়চুক আৰক্ষী আৰু ভৰলু আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ আৰু বহিঃৰাষ্ট্ৰৰ নিচাজাতীয় টেবলেট । তদুপৰি নগদ ২ লাখ টকাসহ ৫ লক্ষাধিক টকাৰ সোণ-ৰূপৰ আ-অলংকাৰো জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ।

কটাহবাৰীৰ মছজিদ গলিত ভাড়া ৰুমত বাহৰ পাতি স্বামী-স্ত্ৰী আৰু খুলশালীয়েকে দীৰ্ঘদিনৰ পৰা চলাই আহিছিল এই অবৈধ বেহা । ড্ৰাগছ সৰবৰাহকাৰী কুৰবান আলীয়ে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি মতে, বিগত দুটা বছৰত মহানগৰীৰ সম্ভ্ৰান্ত পৰিয়ালৰ সন্তানৰ ড্ৰাগছ ল’বলৈ ধন নহ'লে ঘৰৰ পৰা চুৰি কৰি আনি দি যায় সোণ-ৰূপৰ আ-অলংকাৰৰ লগতে সোণ আৰু ৰূপৰ মুদ্ৰা ।

সমান্তৰালভাৱে মন্দিৰত থকা গহণা বন্ধকত দিও ক্ৰয় কৰে নিষিদ্ধ ড্ৰাগছ । নিষিদ্ধ ড্ৰাগছৰ সাম্ৰাজ্যখনৰ ভিতৰত থকা বহু কথাই স্বীকাৰ কৰিছে ধৃত কুৰবান আলী আৰু তেওঁৰ পত্নী চালেহা বেগম আৰু খুলশালী হাচুৰা পাৰবিনে । জানিবপৰা মতে, কুৰবান আলীয়ে ৩০ পৰা ৪০ হাজৰ টকাৰ বিনিময়ত একোটা পেকেট তুলি দিয়ে নিচাসক্ত যুৱকৰ হাতত । আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত নিচাজাতীয় টেবলেট আৰু ড্ৰাগছ বিক্ৰীৰ সময়ত ব্যৱহাৰ কৰা দুচকীয়া AS-01-EE-8436 নম্বৰৰ R-15 বাহন এখনো জব্দ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই জ্বলালে অখিল গগৈৰ পুত্তলিকা

ABOUT THE AUTHOR

...view details