অসম

assam

By

Published : Jan 23, 2022, 4:18 PM IST

ETV Bharat / city

Student Leader Shot by Police in Nagaon: আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক ৰিৰ্জাভ ক্লজ

ছাত্রনেতা কীৰ্তি কমল বৰাক গুলিওৱা ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া (Student Leader Shot by Police in Nagaon) । আৰক্ষী বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ আৰক্ষী অধীক্ষকৰ । ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ তৰফৰ পৰা আয়ুক্ত পৰ্যায়ৰ এক তদন্ত বিচৰা হৈছে ।

Police officer Pradip Bania sent to reserve close post shooting Student Leader in Nagaon
Student Leader Shot by Police in Nagaon: আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক ৰিৰ্জাভ ক্লজ

গুৱাহাটী, ২৩ জানুৱাৰী : নগাঁৱত ছাত্ৰনেতা কীৰ্তি কমল বৰাক গুলিওৱা ঘটনাৰ (Student Leader Shot by Police in Nagaon) উত্তেজনা আৰু প্ৰতিক্ৰিয়া অব্যাহত থকা সময়তে ঘটনাৰে জড়িত এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । প্ৰদীপ বণিয়া নামৰ আৰক্ষী বিষয়াজনক ৰিৰ্জাভ ক্লজ কৰা হৈছে (Police officer Pradip Bania sent to reserve close) । আৰক্ষী সূত্রই জনোৱা মতে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই (IPS Anand Mishra) তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ দিছে । আনহাতে, অসম আৰক্ষীৰ ফেজবুক পেজটো এই কথা উল্লেখ কৰা হৈছে ।

অসম আৰক্ষীয়ে ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি চৰকাৰৰ প্ৰতি আহ্বান জনাইছে । লক্ষণীয় বিষয় যে, বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ ব্যাপক প্ৰতিবাদৰ পিছত আৰক্ষীয়ে এজন বিষয়াৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিছে । এই কথাই প্ৰমাণ কৰিলে যে নগাঁৱৰ ঘটনাত আৰক্ষীয়ে ইচ্ছাকৃতভাৱে ছাত্ৰ নেতাজনক গুলীয়াই ড্ৰাগছ সৰবৰাহী সজাবলৈ চেষ্টা কৰিছিল । জানিব পৰা মতে নগাঁৱত ছাত্ৰ নেতাজনক বিনা দোষত গুলীওৱাৰ অপৰাধত উক্ত বিষয়াগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে নগাঁও আৰক্ষী অধীক্ষকে ।

ইতিমধ্যে, দেওবাৰৰ পুৱাৰে পৰা নগাঁও চহৰ প্ৰতিবাদৰ ফলত উত্তাল হৈ পৰিছে । ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে শীৰ্ষ আৰক্ষী বিষয়া জি পি সিং নগাঁৱত উপস্থিত হৈছে । সমগ্ৰ দিশ চালি জাৰি চাই অসম আৰক্ষীৰ পৰাও আয়ুক্ত পৰ্যায়ৰ এক তদন্ত বিচৰা হৈছে ।

উল্লেখ্য যে, এই ঘটনাৰ সৈতে জড়িত আৰক্ষী বিষয়াগৰাকীৰ ৰিজাৰ্ভ ক্লজ কৰা পাছতো শাম কটা নাই প্ৰতিবাদ । ইফালে, গুলীবিদ্ধ কীৰ্তিকমল বৰাৰ অস্ত্ৰোপচাৰৰ দিহা কৰা হৈছে জি এম চি এইচত ৷ শেহতীয়াকৈ, তেওঁক কৰা স্বাস্থ্য পৰীক্ষাত তেওঁৰ দেহত ধৰা পৰিছে ক'ভিড (Kirti kamal Bora tested covid positive) । উল্লেখ্য যে শনিবাৰে নিশা নগাঁৱৰ কচলুখোৱাত ছাত্ৰ নেতা কীৰ্তিকমল বৰা এন্টি নাৰ্কটিক স্কোৱাডৰ আৰক্ষী বিষয়াৰ গুলীত আহত হয় ।

পৰিয়ালৰ দাবী মতে, শনিবাৰে সন্ধিয়া নগাঁও চহৰৰ মিলনপুৰত টিউচন কৰি অহাৰ পিচত কীৰ্তিকমল বৰাই ঘৰৰ পৰা অসুস্থ মাতৃৰ বাবে ঔষধ কিনিবলৈ মটৰ চাইকেলেৰে ওলাই গৈছিল । সেই সময়ত কচলুখোৱাৰ ৰাস ফিল্ডৰ ওচৰত অসামৰিক পোছাকত থকা কেইবাজনো আৰক্ষীয়ে এজন যুৱকক মাৰপিট কৰি থকা তেওঁ প্ৰত্যক্ষ কৰে । তেতিয়া কীৰ্তিকমল বৰাই মটৰ চাইকেলখন ৰখাই কৌতূহলবশত আৰক্ষীৰ লোক কেইজনক ঘটনাৰ কাৰণ সোধে ।

ইয়াতে, ক্ষুন্ন হৈ অসামৰিক পোছাকত থকা আৰক্ষীৰ লোককেইজনে কীৰ্তিকমলক অশ্লীল অশ্ৰাব্য গালি গালাজ কৰি মটৰ চাইকেলৰ পৰা টানি নমাই আনে । মটৰ চাইকেলৰ পৰা নমোৱাৰ পিচতে আৰক্ষীয়ে কীৰ্তিকমলৰ সোঁ ভৰিলৈ লক্ষ্য কৰি গুলিচালনা কৰে । আৰক্ষীৰ গুলিত আঘাতপ্ৰাপ্ত হৈ ঘটনাস্থলীতে বাগৰি পৰে ছাত্ৰ নেতা বৰা ।

গুলীবিদ্ধ কীৰ্তকমল বৰাক ততাতৈয়াকৈ নগাঁৱৰ ভোগেশ্বৰী ফুকননী হাস্পতাল ভৰ্তি কৰোৱা হয় । পিছত উন্নত চিকিৎসাৰ বাবে জি এম চি এই চলৈ প্ৰেৰণ কৰা হয় কীৰ্তিকমল বৰাক । এই ঘটনা ৰাজ্যজুৰি বিয়পি পৰাৰ লগে লগে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দল সংগঠন সমূহে এই ঘটনাক ধিক্কাৰ দিয়াৰ লগতে দোষীক উচিত অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক :ক’ভিডত আক্ৰান্ত হৈছে ছাত্ৰ নেতা কীৰ্তিকমল বৰা

For All Latest Updates

ABOUT THE AUTHOR

...view details