অসম

assam

ETV Bharat / city

আৰক্ষী চকীৰ ভিতৰতে ছাত্ৰ নেতাই প্ৰহাৰ কৰিলে আৰক্ষী বিষয়াক

মেঘালয়ৰ ৰিভ'ই জিলাত আৰক্ষী চকীৰ ভিতৰত প্ৰৱেশ কৰি খাচী ছাত্ৰ সংগঠনৰ সদস্যই প্ৰহাৰ কৰিলে এজন আৰক্ষী বিষয়া আৰু এজন আৰক্ষী কনিষ্টবলক ৷ য়োৱা 15 অক্টোবৰত সংঘটিত হয় এই ঘটনা ৷

ছাত্ৰনেতাই প্ৰহাৰ কৰিলে আৰক্ষী বিষয়াক

By

Published : Oct 26, 2019, 5:56 PM IST

গুৱাহাটী, 26 অক্টোবৰঃএটা ভিডিঅ'ক লৈ তোলপাৰ লাগিছে মেঘালয়ৰ ৰিভ'ই জিলাত ৷ আৰক্ষী চকীৰ ভিতৰত প্ৰৱেশ কৰি খাচী ছাত্ৰ সংগঠনৰ সদস্যই প্ৰহাৰ কৰিলে এজন আৰক্ষী বিষয়া আৰু এজন আৰক্ষী কনিষ্টবলক ৷ য়োৱা 15 অক্টোবৰত সংঘটিত হয় এই ঘটনা ৷

আৰক্ষী চকীৰ ভিতৰতে ছাত্ৰ নেতাই প্ৰহাৰ কৰিলে আৰক্ষী বিষয়াক

তথ্য অনুসৰি,মেঘালয়ৰ ৰিভ'ই জিলাৰ সুমেৰ গাঁৱত বৰপেটাৰ এজন গাড়ী চালকক প্ৰহাৰ কৰিছিল কেইজনমান যুৱকে ৷ ভুক্তভোগী গাড়ী চালক আমিৰ আলীৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে এজন অভিযুক্তক ৷ কিন্তু তাৰ পাচতেই যুৱকজনক মুকলি কৰি দিয়াৰ দাবীত আৰক্ষী চকীত উপস্থিত হয় স্থানীয় খাচী ছাত্ৰ সংগঠনৰ কেইজনমান সদস্য ৷ ৰিভ'ই জিলাৰ আৰক্ষী অধীক্ষকে জনোৱা মতে সংগঠনটোৰ সভাপতি ফাৰ্ডিনেল্ড খাৰকামনিয়ে আৰক্ষী চকীৰ ভিতৰত প্ৰথমে মুখ্য কনিষ্টবল বি.বৰদলৈক শাৰীৰিকভাৱে অপদস্থ কৰে ৷ তাৰ পাচতেই ছাত্ৰ নেতাজনে প্ৰহাৰ কৰে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এল. চিংখনক ৷

ইতিমধ্যে কনিষ্টবল বি.বৰদলৈয়ে ছাত্ৰ নেতাজনৰ বিৰুদ্ধে দাখিল কৰিছে এটা গোচৰ ৷ আৰক্ষীয়ে পলাতক ছাত্ৰ নেতাজনৰ সন্ধান চলোৱাৰ লগতে প্ৰকাশ কৰিছে এখন জাননী ৷ যি লোকে অভিযুক্তজনৰ সন্ধান দিব তেখেতৰ পৰিচয় গোপনে ৰখা হ'ব বুলি জনাইছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details