গুৱাহাটী, 23 জুনঃ পশ্চিম বংগৰ বিতৰ্কিত বুদ্ধিজীৱি গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ গৈ ওভতি আহিল অসম আৰক্ষী ৷ যিকোনো প্ৰক্ৰিয়াৰে বিতৰ্কিত চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিব বুলি উল্লেখ কৰে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই ।
পশ্চিম বংগৰ বিতৰ্কিত বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ গৈ ওভতি আহিব লগা হ'ল মহানগৰ আৰক্ষীৰ দলটো । চেটাৰ্জীক গ্ৰেপ্তাৰ কৰাটো দূৰৰে কথা, সোধা পোছাৰ বাবে সাক্ষাতেই কৰিবলৈ নিদিলে মহানগৰ আৰক্ষীক । এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই । আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা থকাৰ পিছতো কলিকতা আৰক্ষীয়ে নানা অজুহাত দেখুৱাই ওভটালে মহানগৰ আৰক্ষীৰ দলটোক ।
গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ গৈ ওভতি আহিল অসম আৰক্ষী! ইফালে এইবাৰ সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব বুলি মহানগৰ আৰক্ষী আয়ুক্ত গৰাকীয়ে সাংবাদিকৰ আগত সদৰি কৰে । উল্লেখযোগ্য যে, বৰ অসমৰ ভেটি প্ৰতিষ্ঠাতা স্বৰ্গদেউ চাওলুং চ্যুকাফাক চাইনিজ আক্ৰমণকাৰী সজাইছিল বিতৰ্কিত নেতাগৰাকীয়ে । তাৰোপৰি অসম আৰু অসমীয়াক বিভিন্ন সময়ত চূড়ান্ত অপমান কৰি আহিছিল গৰ্গ চেটাৰ্জীয়ে । যাৰ বাবে খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰেপ্তাৰ কৰা নিৰ্দেশ দিছিল গৰ্গ চেটাৰ্জীক । ইতিমধ্যে ঘটনা সংক্ৰান্তত 10/2020 নম্বৰত এটা গোচৰ ৰুজু কৰি চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ মহানগৰ আৰক্ষীৰ চাৰিজনীয়া এটা দল গৈছিল কলিকতালৈ । কিন্তু কলিকতাৰ ৰাইজৰ প্ৰতিবাদ আৰু স্থানীয় আৰক্ষীৰ অৱহেলাৰ বাবেই অসম হাউছৰ পৰাই বিমুখ হৈ উভতিব লগা হয় মহানগৰ আৰক্ষীৰ দলটো ।
লগতে পঢ়ক- গুৱাহাটীত ড্ৰাগছসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী