অসম

assam

By

Published : Jul 4, 2022, 9:19 PM IST

ETV Bharat / city

গীতানগৰ আৰক্ষীৰ জালত ৬টাকৈ দুৰ্ধর্ষ গাড়ী চোৰ

মহানগৰ আৰক্ষীৰ জালত দুৰ্ধর্ষ গাড়ী চোৰ চক্ৰ ৷ চেন্ট্ৰেল এছঅ’জি আৰু গীতানগৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই আটক কৰে গাড়ী চোৰৰ চক্ৰটোক (Police busts car lifting gang in Guwahati) ৷ মহানগৰীৰ দিছপুৰ, পানবজাৰ, গীতানগৰকে ধৰি বিভিন্ন থানাত চক্ৰটোৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ ।

gitanagar-police-busts-car-lifting-gang-6-arrested
গীতানগৰ আৰক্ষীৰ জালত ৬টাকৈ দুৰ্ধর্ষ গাড়ী চোৰ

গুৱাহাটী, ৪জুন :গুৱাহাটীৰ ভিন্ন প্ৰান্তত দেওবাৰে নিশা চেন্ট্ৰেল এছঅ’জি আৰু গীতানগৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই ৬ টাকৈ দুৰ্ধর্ষ গাড়ী চোৰক গ্ৰেপ্তাৰ কৰে(Six arrested for vehicle lifting) ৷ ধৃত চোৰকেইটা ক্ৰমে দেৱজিত ভট্টাচাৰ্য, দ্বীপ ৰয়, নিৰ্মল চৰকাৰ, ৱাহিদ আলী, ৰিংকু লহকৰ আৰু কিশোৰ কুমাৰ শৰ্মা বুলি জানিব পৰা হৈছে (Police busts car lifting gang in Guwahati)।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, এটা বৃহৎ গাড়ী সৰবৰাহকাৰী চক্ৰই গুৱাহাটী মহানগৰীত ফাইনেঞ্চত ক্ৰয় কৰা গাড়ী গৰাকীৰ পৰা বিভিন্ন প্ৰলোভনেৰে ক্ৰয় কৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ড, অৰুণাচলত বিক্ৰী কৰি আহিছিল । তদুপৰি এই চক্ৰটোৱে এগ্ৰিমেণ্ট কৰি গাড়ী ক্ৰয় কৰি নিয়াৰ পিছতো গাড়ীৰ গৰাকীক পূৰ্বৰ ফাইনেঞ্চ কোম্পানীক দিব লগা কিস্তিৰ ধন সম্পূৰ্ণকৈ আদায় নিদিয়াৰ অভিযোগ কৰিছে ভুক্তভোগীসকলে । ভুক্তভোগী বহুকেইজন ব্যক্তিয়ে এই সন্দৰ্ভত মহানগৰীৰ দিছপুৰ, পানবজাৰ, গীতানগৰকে ধৰি বিভিন্ন থানাত গোচৰ ৰুজু কৰিছিল ।

গীতানগৰ আৰক্ষীৰ জালত ৬টাকৈ দুৰ্ধর্ষ গাড়ী চোৰ

গাড়ী সৰবৰাহকাৰী চক্ৰটোৰ মূল অভিযুক্ত দ্বীপ ৰয় আৰু দেৱজিৎ ভট্টাচাৰ্যক দেওবাৰে নিশা হাতীগাঁও আৰু বেলতলাৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰে ৷ তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত চক্ৰটোৰ লগত জড়িত আনকেইটা গাড়ী চোৰকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ইফালে গাড়ী সৰবৰাহকাৰী চক্ৰটোৰ সদস্যকেইটাক আৰক্ষীয়ে থানালৈ অনাৰ পিছতে থানা চৌহদত বিভিন্নজন ভোক্তভোগীয়ে ভিৰ কৰা পৰিলক্ষিত হয় ।

উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ পৰা লকডাউনৰ সময়ত প্ৰায় 30 খন গাড়ী এই চক্ৰটোৱে প্ৰৱঞ্চনাৰে লৈ গৈছিল বুলি জানিব পৰা হৈছে । তাৰোপৰি ওলা-উবেৰত সংযোগ কৰা বাহনৰ ব্যৱসায়ত হোৱা মন্দাৱস্থাৰ সুযোগ লৈ এই চক্ৰটোয়ে গাড়ীৰ গৰাকীৰ পৰা গাড়ী ক্ৰয় কৰাৰ লগতে বহু বাহন ঠিকাভিত্তিতো লৈছিল বুলি অভিযোগ কৰিছে একামশ ভোক্তভোগীয়ে । এই দুষ্ট চক্ৰটোৱে প্ৰথমে দুমাহ/তিনিমাহ গাড়ীৰ গৰাকীক সময়ত ধন দিয়ে যদিও পিছত ফোন অফ কৰি থয় । আৰক্ষী সূত্ৰে জানিব পৰা মতে, পানবজাৰ থানাতেই এই চক্ৰটোৰ বিৰুদ্ধে ৰুজু আছে ১৪ টাকৈ গোচৰ ।

লগতে পঢ়ক :ধন দাবী কৰা আৰক্ষী কনিষ্টবল ৰেব লস্কৰক ৰিজাৰ্ভ ক্ল'জ

ABOUT THE AUTHOR

...view details