অসম

assam

ETV Bharat / city

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি কেলেংকাৰী : নিলম্বিত বৰপেটাৰ জিলা কৃষি বিষয়া - কৃষকৰ বেংক একাউন্টত আঢ়ৈ হাজাৰ টকাকৈ দিয়াৰ কথা এই আঁচনি অধীনত

অসমত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ । বিভাগীয় মন্ত্ৰী অতুল বৰাৰ কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশৰ পাচতেই বৰপেটাৰ জিলা কৃষি বিষয়াক নিলম্বন ।

PM Kisan Samman Nidhi Scam across Assam, Suspend Borpeta Dist. Agriculture officer
PM Kisan Samman Nidhi Scam across Assam, Suspend Borpeta Dist. Agriculture officer

By

Published : May 7, 2020, 1:00 PM IST

গুৱাহাটী, ৭ মে': ৰাজ্যজুৰি সংঘটিত হোৱা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ বিত্তীয় কেলেংকাৰীয়ে বাৰুকৈয়ে জোঁকাৰিছে ৰাজ্যৰ কৃষি বিভাগক । ইতিমধ্যে বিভাগীয় মন্ত্ৰী অতুল বৰাই এই কেলেংকাৰীৰ এক তদন্তৰ নিৰ্দেশ দিয়াৰ পাচতেই বৰপেটাৰ জিলা কৃষি বিষয়া কৃষ্ণকান্ত পাঠকক নিলম্বনৰ নিৰ্দেশ ।

মন্ত্ৰীৰ নিৰ্দেশত তাৎক্ষণিকভাবে কাৰ্যকৰী হোৱাকৈ নিলম্বনৰ এই নিৰ্দেশনা জাৰি কৰা হৈছে । বহু ভুৱা হিতাধিকাৰীৰ নামত জিলা কৃষি বিষয়াগৰাকীয়ে এই আঁচনিৰ ধন আৱন্টন দিয়াৰ অভিযোগ উত্থাপন হৈছে ।

উল্লেখ্য যে, এই আঁচনিৰ অধীনত প্ৰতিজন কৃষকৰ বেংক একাউন্টত আঢ়ৈ হাজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছিল যদিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে অনা-কৃষক আৰু শাসকীয় দলৰ বহু সদস্যৰ একাউন্টতহে এই ধনৰাশি সোমোৱাৰ অভিযোগ উত্থাপন হৈছিল ।

ABOUT THE AUTHOR

...view details