অসম

assam

ETV Bharat / city

প্ৰধানমন্ত্ৰীয়ে উদ্ধোধন কৰিলে অগ্ৰদূতৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান - অগ্ৰদূতৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন

50 বছৰ সম্পূৰ্ণ অসমীয়া দৈনিক বাতৰি কাকত "অগ্ৰদূত"ৰ ৷ "অগ্ৰদূত"ৰ সোণালী জয়ন্তী বৰ্ষ শুভাৰম্ভণি অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী উদ্ধোধন কৰে "অগ্ৰদূত"ৰ সোণালী জয়ন্তী শুভাৰম্ভ অনুষ্ঠানৰ(PM inaugurates Golden Jubilee celebrations of Agradoot group) ।

PM inaugurates Golden Jubilee celebrations of Agradoot group of newspapers
প্ৰধানমন্ত্ৰীয়ে উদ্ধোধন কৰিলে অগ্ৰদূতৰ সোণালী জয়ন্তী শুভাৰম্ভ অনুষ্ঠানৰ

By

Published : Jul 7, 2022, 9:24 AM IST

গুৱাহাটী, 6 জুলাই: সোণালী জয়ন্তীত ভৰি দিলে অসমীয়া বাতৰিকাকত অগ্ৰদূতে(Golden Jubilee celebrations of Agradoot group) । অগ্ৰদূতৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠান বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী উদ্ধোধন কৰে অগ্ৰদূতৰ সোণালী জয়ন্তী শুভাৰম্ভ অনুষ্ঠানৰ(PM inaugurates Golden Jubilee celebrations of Agradoot group) । অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী কেশৱ মহন্ত, পীযুষ হাজৰিকা, অতুল বৰা, সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ড৹ দয়ানন্দ পাঠক, অগ্ৰদূতৰ মুখ্য সম্পাদক কনকসেন ডেকাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

প্ৰধানমন্ত্ৰীয়ে উদ্ধোধন কৰিলে অগ্ৰদূতৰ সোণালী জয়ন্তী শুভাৰম্ভ অনুষ্ঠানৰ

শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত অনুষ্ঠানটো উদ্ধোধন কৰি প্ৰধানমন্ত্ৰীয়ে ‘অসমীয়া ভাষাত উত্তৰ-পূৰ্বাঞ্চলৰ বলিষ্ঠ কণ্ঠ' দৈনিক অগ্ৰদূতক অভিনন্দন জনোৱাৰ লগতে সাংবাদিকতাৰ মাধ্যমেৰে ঐক্য আৰু সম্প্ৰীতিৰ মূল্যবোধক জীয়াই ৰখাৰ বাবে প্ৰশংসা কৰে । প্ৰধানমন্ত্ৰীয়ে কয় যে কনকসেন ডেকাৰ নেতৃত্বত অগ্ৰদূতে সদায় জাতীয় স্বার্থক অগ্ৰাধিকাৰ দি আহিছে । আনকি জৰুৰীকালীন পৰিস্থিতিৰ সময়ত যেতিয়া গণতন্ত্ৰৰ ওপৰত আটাইতকৈ ডাঙৰ আক্ৰমণ সংঘটিত হৈছিল, তেতিয়াও অগ্ৰদূত আৰু ডেকাই সাংবাদিকতাৰ মূল্যবোধৰ সৈতে আপোচ কৰা নাছিল ।

কনকসেন ডেকাই মূল্যবোধভিত্তিক সাংবাদিকতাৰ এক নতুন প্ৰজন্মৰ সৃষ্টি কৰিছিল বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে । তেওঁ শেহতীয়াকৈ ৰাজ্যত বান পৰিস্থিতিৰ বাবে সৃষ্টি হোৱা বৃহৎ প্ৰত্যাহ্বান আৰু অসুবিধাক লৈও সহানুভূতি প্ৰকাশ কৰে ৷ তেওঁ লগতে বানৰ সময়ছোৱাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰ-প্ৰশাসনে চলোৱা সাহায্য আৰু উদ্ধাৰ কাৰ্যৰ শলাগ লয় ৷ প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰসংগত ভাৰতীয় পৰম্পৰা, সংস্কৃতি, স্বাধীনতা সংগ্ৰাম আৰু উন্নয়নৰ যাত্ৰাত ভাৰতীয় ভাষাৰ সাংবাদিকতাৰ উৎকৃষ্ট অৱদানৰ ওপৰত আলোকপাত কৰে । সাংবাদিকতাৰ দৃষ্টিকোণৰ পৰা ৰাজ্যখন অতি স্পন্দনশীল স্থান হিচাপে পৰিগণিত হোৱাৰ বাবে ভাৰতত ভাষা সাংবাদিকতাৰ বিকাশত অসমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি তেওঁ মন্তব্য কৰে ।

প্ৰধানমন্ত্ৰীয়ে উদ্ধোধন কৰিলে অগ্ৰদূতৰ সোণালী জয়ন্তী শুভাৰম্ভ অনুষ্ঠানৰ

তেওঁ লগতে কয় যে অসমীয়া ভাষাত সাংবাদিকতা ১৫০ বছৰ পূৰ্বে আৰম্ভ হৈছিল আৰু সময়ৰ লগে লগে শক্তিশালী হৈ গৈ আছে ৷ তেওঁ লগতে কয় যে, “কোনো ভাৰতীয়ক কেৱল ভাষাৰ বাবেই উত্তম তথ্য, উত্তম জ্ঞান, উত্তম দক্ষতা আৰু উত্তম সুযোগৰ পৰা বঞ্চিত হ'ব নালাগে, এয়া আমাৰ প্ৰচেষ্টা ৷ সেইবাবেই আমি ৰাষ্ট্ৰীয় শিক্ষা নীতিত ভাৰতীয় ভাষাৰ অধ্যয়নক উৎসাহিত কৰিছো ৷” প্ৰধানমন্ত্ৰী মো়ডীয়ে মাতৃভাষাত জ্ঞানৰ বিষয়বস্তুৰ ওপৰত আৰু কয় যে “বিশ্বৰ উত্তম বিষয়বস্তু ভাৰতীয় ভাষাত উপলব্ধ কৰাটো এতিয়া আমাৰ প্ৰচেষ্টা ৷ ইয়াৰ বাবে আমি ৰাষ্ট্ৰীয় ভাষা অনুবাদ অভিযানত কাম কৰি আছো । প্ৰয়াসটো হ'ল যে জ্ঞান আৰু তথ্যৰ এক বিশাল ভঁৰাল হিচাপে পৰিগণিত হোৱা ৷ ইণ্টাৰনেট প্ৰতিজন ভাৰতীয়ই নিজৰ ভাষাত ব্যৱহাৰ কৰিব পাৰে ।”

তেওঁ শেহতীয়াকৈ মুকলি কৰা ইউনিফাইড লেংগুৱেজ ইন্টাৰফেচ ভাষিনী প্লেটফৰ্মৰ কথাও উল্লেখ কৰে ৷ তেওঁ কয় যে, “কোটি কোটি ভাৰতীয়ক নিজৰ ভাষাত ইণ্টাৰনেট উপলব্ধ কৰাটো সামাজিক আৰু অৰ্থনৈতিক প্ৰতিটো দিশৰ পৰা গুৰুত্বপূৰ্ণ ৷” অসম আৰু উত্তৰ-পূবৰ জৈৱ বৈচিত্ৰ আৰু সাংস্কৃতিক সমৃদ্ধিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অসমৰ সংগীতৰ এক চহকী পৰম্পৰা আছে আৰু ইয়াক সামগ্ৰিকভাৱে বিশ্বৰ মাজলৈ লৈ যোৱাটো প্ৰয়োজন । তেওঁ লগতে কয় যে স্বচ্ছ ভাৰত অভিযানৰ দৰে প্ৰচাৰত আমাৰ সংবাদ মাধ্যমে যি ইতিবাচক ভূমিকা পালন কৰিছে, সেয়া আজিও সমগ্ৰ দেশ আৰু বিশ্বজুৰি প্ৰশংসিত হৈছে ।

লগতে পঢ়ক :অসমৰ একাংশক বাদ দিলে আমি সকলোৱে খিলঞ্জীয়া: হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details