অসম

assam

ETV Bharat / city

তিক্ততাপূৰ্ণ অভিজ্ঞতা লৈ গুৱাহাটী এৰিলে ভাৰত-শ্ৰীলংকাৰ ক্ৰিকেটাৰে - অসম ত্যাগ কৰিলে ভাৰত-শ্ৰীলংকাৰ ক্ৰিকেটাৰে

গুৱাহাটীত এক তিক্ততাপূৰ্ণ অভিজ্ঞতা লাভৰ পাচতে অসম এৰিলে দুয়ো দলৰ ক্ৰিকেটাৰে ৷ দেওবাৰৰ টি-20 মেচ বৰষুণৰ বাবে বাতিল কৰা হয় ৷

বিঘ্নিত প্ৰথম টি-20
গুৱাহাটী এৰিলে ভাৰত-শ্ৰীলংকাৰ ক্ৰিকেটাৰে

By

Published : Jan 6, 2020, 9:17 PM IST

গুৱাহাটী, 6 জানুৱাৰীঃ দেওবাৰৰ তিক্ততাপূৰ্ণ অভিজ্ঞতা লৈ অসমৰ পৰা প্ৰস্থান কৰিলে ভাৰত আৰু শ্ৰীলংকা ক্ৰিকেট দলে ৷ সোমবাৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ৰ পৰা দুয়ো দলক বৰঝাৰ বিমানবন্দৰলৈ লৈ যোৱা হয় ৷ ইয়াৰ পাচতে বিশেষ বিমানযোগে দুয়ো দলৰ ক্ৰিকেটাৰসকল ৰাওনা হয় ৷

গুৱাহাটী এৰিলে ভাৰত-শ্ৰীলংকাৰ ক্ৰিকেটাৰে

উল্লেখ্য যে, দেওবাৰে ভাৰত-শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ'বলগা প্ৰথমখন টি-20 বৰষুণৰ বাবে বাতিল কৰিব লগা হয় ৷ অসম ক্ৰিকেট সন্থাৰ অবিবেচকী কাণ্ডৰ বাবে বৰ্ষাপাৰাৰ বৰষুণৰ পানী শুকুৱাবলৈ হেয়াৰ ড্ৰায়াৰ, ইষ্ট্ৰি, ভেকুম ক্লীনাৰ ব্যৱহাৰ কৰিবলগা হোৱা কাণ্ডই উন্নয়নৰ নমুনা দাঙি ধৰে ৷ অনুন্নত আন্তঃগাঁঠনিৰে আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰিবলৈ আগবঢ়া বাবে এতিয়া সকলোৰে হাঁহিয়াতৰ পাত্ৰ হৈছে অসম ক্ৰিকেট সন্থা ৷

আৰু পঢ়ক : অকৰ্মণ্য অসম ক্ৰীড়া সংস্থাঃ লজ্জানত অসমবাসী

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details