অসম

assam

ETV Bharat / city

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ তিনিখন নতুন ভ্ৰাম্যমাণ কেঞ্চাৰ স্কেন বাহন - B Boruah cancer institute

পৰিমল ফাউণ্ডেচনৰ প্ৰশংসনীয় পদক্ষেপ ৷

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ তিনিখন নতুন ভ্ৰাম্যমান কেঞ্চাৰ স্কেন বাহন

By

Published : Sep 13, 2019, 9:35 PM IST

গুৱাহাটী, 13 ছেপ্তেম্বৰ: যি সময়ত বিশ্বত কৰ্কট ৰোগৰ চিনাক্তকৰণত পলম হোৱাৰ বাবেই 80 শতাংশ ৰোগী মৃত্যুমুখত পৰে ৷ সেই সময়ত ৰাজ্যৰ কেঞ্চাৰ ৰোগীক সহায়ৰ বাবে আগবাঢ়ি আহিছে পৰিমল ফাউণ্ডেচন ৷ শুকুৰবাৰে পৰিমল ফাউণ্ডেচনে গুৱাহাটীস্থিত উত্তৰ-পূবৰ অগ্ৰণী কৰ্কট ৰোগৰ চিকিৎসালয় বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানক তিনিখন নতুন ভ্ৰাম্যমান কেঞ্চাৰ স্কেন বাহন প্ৰদান কৰে ৷ কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত আয়োজিত বাহন উন্মোচন সভাত জিলা প্ৰশাসনৰ প্ৰকল্প বিষয়া জুৰি শৰ্মাই ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে তিনিখন বাহনৰ ৷ সভাত পৰিমল স্বাস্থ্যৰ শুভ আৰম্ভণি কৰি বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক এ চি কটকীয়ে কয় যে, পূৰ্বৰ দুই বাহনৰ সৈতে এই তিনি নতুন বাহন কৰ্কট ৰোগী সকলৰ বাবে যথেষ্ট সহায়ক হ'ব ৷

পৰিমল ফাউণ্ডেচনৰ প্ৰশংসনীয় পদক্ষেপ

ABOUT THE AUTHOR

...view details