অসম

assam

ETV Bharat / city

পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ঘটনাক লৈ দিছপুৰ থানাত এজাহাৰ দাখিল - গুৱাহাটী

পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ঘটনাক লৈ ইণ্ডিয়ান ভেটেনেৰী এছচিয়েচনৰ তৰফৰ পৰা অসম চৰকাৰৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ ৷ লগতে শনি শৰ্মাই কৰা দুৰ্ব্যৱহাৰৰ বিৰোধিতা কৰি মহাবিদ্যালয়ৰ তৰফৰ পৰা দিছপুৰ থানাত এক এজাহাৰ দাখিল

পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ঘটনাক লৈ দিছপুৰ থানাত এজাহাৰ দাখিল

By

Published : Jul 15, 2019, 6:41 PM IST

গুৱাহাটী,15 জুলাইঃ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ৯ জন কনিষ্ঠ চিকিৎসকৰ লগত শনি শৰ্মা নামৰ লোকজনে কৰা দুৰ্ব্যৱহাৰৰ ঘটনা সম্পৰ্কে মহাবিদ্যালয়ৰ ক্লিনিক পৰিচালক ডাক্তৰ দীপক ভূঞাৰ প্ৰতিক্ৰিয়া ৷ কনিষ্ঠ চিকিৎসকৰ লগত শনি শৰ্মাই কৰা দুৰ্ব্যৱহাৰৰ বিৰোধিতা কৰি মহাবিদ্যালয়ৰ তৰফৰ পৰা দিছপুৰ থানাত এক এজাহাৰ দাখিল কৰাৰ কথা উল্লেখ কৰে দীপক ভূঞাই ৷

পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ঘটনাক লৈ দিছপুৰ থানাত এজাহাৰ দাখিল

কনিষ্ঠ চিকিৎসকৰ লগত শনি শৰ্মাই দুৰ্ব্যৱহাৰ কৰা ঘটনা লৈ মহাবিদ্যালয়ৰ পৰা ৰাজ্য চৰকাৰক জনোৱা হয় বুলি উল্লেখ কৰে মহাবিদ্যালয়ৰ ক্লিনিক পৰিচালকগৰাকীৰয়ে ৷ এই ঘটনাক লৈ ইণ্ডিয়ান ভেটনেৰী এছচিয়েচনৰ তৰফৰ পৰা অসম চৰকাৰৰ মুখ্য সচিব লৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে বুলিও তেও উল্লেখ কৰে ।

লগতে পঢ়কঃ চিকিৎসকৰ প্ৰতিবাদ সন্দৰ্ভত ড০ দীপক ভূঞাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details