অসম

assam

By

Published : Feb 12, 2021, 12:21 PM IST

ETV Bharat / city

অসমত পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস:বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

শুকুৰবাৰৰ মাজনিশাৰ পৰা অসমত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য পাঁচ টকাকৈ হ্ৰাস পাব ৷ বিলাতী সুৰাৰ ওপৰতো আৰোপিত ২৫ শতাংশ উপ-কৰ আজি মাজনিশাৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব । বিধানসভাত দাখিল কৰা বাজেট ভাষণত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে

অসমত পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস পাঁচ টকাকৈ
অসমত পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস পাঁচ টকাকৈ

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী : শুকুৰবাৰৰ মাজনিশাৰ পৰা অসমত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য পাঁচ টকাকৈ হ্ৰাস পাব । একেদৰে বিলাতী সুৰাৰ ওপৰতো আৰোপিত ২৫ শতাংশ উপ-কৰ আজি মাজনিশাৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব । বিধানসভাত শুকুৰবাৰে আগন্তুক চাৰি মাহৰ বাবে অন্তৱৰ্তীকালীন বাজেট বা লেখানুদান দাখিল কৰি এই ঘোষণা কৰে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, পেট্ৰ'ল আৰু ডিজেলৰ মূল্য সমগ্ৰ দেশৰ ভিতৰতে গুজৰাটৰ পিছত অসমতেই হ'ব নিম্নতম । আনহাতে, ক'ভিড মহামাৰীৰ সময়ত বিলাতী সুৰাৰ ওপৰত যি ২৫ শতাংশ উপ-কৰ আৰোপ কৰা হৈছিল সেয়াও শুকুৰবাৰৰ মাজনিশাৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব । বিধানসভাত আজি লেখানুদান দাখিল কৰি বিত্ত মন্ত্ৰীগৰাকীয়ে আৰু কয় যে এইখন চৰকাৰে খুব নীৰৱেই সকলো কাম কৰি আহিছে । সেই অনুসৰি ৰাজ্যত 6খনকৈ কেঞ্চাৰ হাস্পতালৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে । আগন্তুক ছেপ্টেম্বৰ মাহত একেলগে মুকলি কৰা হ'ব এই ছখন কেঞ্চাৰ হাস্পতাল ।

বাজেট ভাষণত বিত্ত মন্ত্ৰীগৰাকীয়ে কয়, "মই ভাবো সঠিক সময় বুলি কোনো কথা নাথাকে । সময় এটাই আৰু সেয়া হৈছে বৰ্তমান । সেয়েহে প্ৰতিটো মুহূৰ্ততে মই কাম কৰি গৈছো । বিগত পাঁচটা বছৰ অসমৰ বাবে আছিল নৱজাগৰণৰ সময়" । পেট্ৰ'ল-ডিজেলৰ মূল্য পাঁচ টকাকৈ হ্ৰাস কৰাৰ ফলত চৰকাৰখনৰ বছৰি ১,১০০ কোটি টকা লোকচান হ'ব বুলিও তেওঁ মন্তব্য কৰি কয় যে একমাত্ৰ ৰাইজে বিচৰাৰ বাবেই চৰকাৰে এই মূল্য হ্ৰাস কৰিবলৈ সিদ্ধান্ত লৈছে । বিগত সময়ছোৱাত এহেজাৰখন কাঠৰ‌ দলং পকী কৰাৰ সমান্তৰালকৈ ২,০৪১ খন নতুন দলং নিৰ্মাণৰ কাম চলি আছে । ইফালে, চাহ বাগিচা সমূহত ৮৯৬ কিলোমিটাৰ পথ পকী কৰা হৈছে । চাহ জনজাতিৰ উন্নয়নৰ বাবে চৰকাৰে বিশেষভাবে গুৰুত্ব দিছে বুলিও বাজেট ভাষণত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে ।

অন্য এক খবৰৰ বাবে: নিৰ্বাচনক আগত ৰাখি দাখিল হ’ল অন্তৱৰ্তীকালীন বাজেট

ABOUT THE AUTHOR

...view details