২৫ ফেব্ৰুৱাৰীত পুনৰ অখিল গগৈক হাজিৰ কৰোৱা হ'ব নিয়াৰ আদালতত
সোমবাৰে অখিল গগৈৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতু সোণোৱালক হাজিৰ কৰোৱা হয় নিয়াৰ আদালতত । মাওবাদীৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কৃষক নেতা অখিল গগৈক পুনৰ ২৫ ফেব্ৰুৱাৰীত হাজিৰ কৰোৱা হ'ব নিয়াৰ আদালতত ।
গুৱাহাটী, 10 ফেব্ৰুৱাৰী :মাওবাদীৰে জড়িত থকাৰ অভিযোগত সোমবাৰে অখিল গগৈৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতু সোণোৱালক হাজিৰ কৰোৱা হয় নিয়াৰ আদালতত । আদালতে অখিল গগৈক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰি অহা ২৫ ফেব্ৰুৱাৰীত পুনৰ আদালতত হাজিৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰে । আদালতত হাজিৰ কৰোৱা সময়ত কৃষক নেতাগৰাকীয়ে নাগৰিকত্ব (সংশোধনী) আইন, 2019 বিৰোধী আন্দোলন ঐক্যবদ্ধভাবে গঢ়ি তুলিবলৈ আহ্বান জনায় । নাগৰিকত্ব (সংশোধনী) আইন, 2019 বিৰোধী আন্দোলন যাতে বিভাজিত নহয় তাৰ বাবেও আহ্বান জনায় কৃষক নেতা গৰাকীয়ে । খেলপথাৰৰ পৰা ৰাজপথলৈ আন্দোলন আহিব লাগে আৰু চৰকাৰক নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ বাধ্য কৰিব লাগে বুলি মন্তব্য কৰে অখিল গগৈয়ে ।