গুৱাহাটী, ১৭ অক্টোবৰ : বিগত প্ৰায় ডেৰ বছৰৰো অধিক কালজুৰি স্থবিৰ হৈ আছে আলফাৰে শান্তি আলোচনা প্ৰক্ৰিয়া । সম্প্ৰতি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক পৰেশ বৰুৱাৰ সৈতে আলোচনাৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৰ্তৃত্ব প্ৰদান কৰাৰ পিছত অসমৰ ৰাইজে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে শান্তি আলোচনাৰ মেজলৈ পৰেশ বৰুৱাৰ আগমনৰ সেই দিনটোলৈ ।
ইতিমধ্যে মুখ্যমন্ত্ৰীয়েও প্ৰকাশ কৰিছে যে পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আনি প্ৰায় চাৰে তিনি দশকজুৰি চলি অহা এই ৰক্তক্ষয়ী ইতিহাসৰ ওৰ পেলাবলৈ যত্ন কৰি থকা হৈছে । কিন্তু সমান্তৰালভাৱে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা আৰু সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ নেতৃত্বত আলোচনাৰ বাবে আগবাঢ়ি অহা আলফাৰ সৈতে আলোচনা প্ৰক্ৰিয়া বৰ্তমান কি পৰ্যায়ত আছে সেয়াও গুৰুত্বপূৰ্ণ প্ৰশ্ন ।
লক্ষণীয় বিষয়টো হ'ল যে, বিগত প্ৰায় ডেৰ বছৰৰো অধিক কালজুৰি স্থবিৰ হৈ ৰৈছে এই প্ৰক্ৰিয়া । দেওবাৰে ইটিভি ভাৰতৰ আগত অনুপ চেতিয়াই প্ৰকাশ কৰে এনেদৰে, "বিগত ২০২০ চনৰ জানুৱাৰীতে আমাৰ সৈতে চৰকাৰৰ শেষ আলোচনা অনুষ্ঠিত হৈছিল । আমি ইতিমধ্যে আমাৰ দাবী চনদ কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰিছো । এককথাত কবলৈ গলে আলোচনাৰ প্ৰক্ৰিয়াটো প্ৰায় শেষ স্তৰত আহি উপনীত হৈছিল । কিন্তু তাৰ পিছৰে পৰা অৰ্থাৎ ২০২০ ৰ জানুৱাৰীৰ পৰা বৰ্তমানলৈকে এই প্ৰক্ৰিয়া আৰু আগবঢ়া নাই । ইতিমধ্যে আলোচনা আগবঢ়াই নিয়া এ বি মাথুৰকো ভাৰত চৰকাৰে এই দায়িত্বৰ পৰা অব্যাহতি দিছে ।"