অসম

assam

ETV Bharat / city

ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-২০ খেলৰ টিকটৰ মূল্য নিৰ্ধাৰণ

অসম ক্ৰিকেট সন্থাৰ সংবাদমেল । ২ অক্টোবৰত অনুষ্ঠিত হ'বলগা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট খেলৰ বাবে টিকট মুকলি (India Vs South Africa T20) । ১৬ ছেপ্টেম্বৰত প্ৰথম পৰ্যায়ৰ টিকট মুকলি । দৰ্শকে ১১ বজাৰ পৰা ক্ৰয় কৰিব পাৰিব টিকট । প্ৰথম পৰ্যায়ত বিক্ৰী কৰা হ'ব ১৫ হাজাৰ টিকট ।

ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-২০ খেলৰ টিকটৰ মূল্য নিৰ্ধাৰণ
ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-২০ খেলৰ টিকটৰ মূল্য নিৰ্ধাৰণ

By

Published : Sep 15, 2022, 9:54 PM IST

গুৱাহাটী,১৫ ছেপ্টেম্বৰ:গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ২ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-২০ মেচখনৰ টিকটৰ মূল্য নিৰ্ধাৰণ কৰিছে অসম ক্ৰিকেট সন্থাই (Assam Cricket Association) ।

আজি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন সংবাদমেলত টিকটৰ মূল্যৰ সবিশেষ প্ৰকাশ কৰে সন্থাৰ বিষয় ববীয়াসকলে । দৰ্শকৰ বাবে ১৬ ছেপ্টেম্বৰ অৰ্থাৎ শুকুৰবাৰৰ পৰা মুকলি কৰি দিয়া হ’ব টিকট । কাইলৈ প্ৰথম পৰ্যায়ত ১৫ হাজাৰ টিকট মুকলি কৰি দিয়া হ'ব । দৰ্শকে পুৱা ১১ বজাৰ পৰা টিকট ক্ৰয় কৰিব পাৰিব । আনহাতে ২৬ ছেপ্তেম্বৰত দ্বিতীয় পৰ্যায়ত আৰু ৫,৪৮৯ টিকট মুকলি কৰি দিয়া হ'ব ।

ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-২০ খেলৰ টিকটৰ মূল্য নিৰ্ধাৰণ

টিকটসমূহ Book My Showৰ জৰিয়তে প্ৰদান কৰিব বুলি সংবাদমেলত সন্থাৰ বিষয়ববীয়াই জানিবলৈ দিয়ে । উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীৰ বাবে টিকটৰ মূল্য ৪৭৫ টকা ধাৰ্য কৰা হৈছে । মুঠ আসনৰ সংখ্যা ৩৮,৬৫৪ খন আছে যদিও ইয়াৰে ১,২৩৪ টা কিলিং চিট । বৰ্তমান ৩৭,৪২০ খন আসন আছে ষ্টেডিয়ামত । ইয়াৰে দৰ্শকৰ বাবে ২০,৪৮৯ টা টিকট মুকলি কৰি দিয়া হ'ব ।

ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-২০ খেলৰ টিকটৰ মূল্য নিৰ্ধাৰণ

প্ৰতিখন জিলালৈ ২৭০ টাকৈ টিকট দিয়া হ'ব । টিকটৰ হাৰ্ড কপি ২৫ ছেপ্টেম্বৰত দিয়া হ'ব । লগতে থাকিব হোম ডেলিভাৰীৰ ব্যৱস্থা । ২৯ ছেপ্টেম্বৰত দুয়োটা দল গুৱাহাটীত আহি পোৱাৰ সম্ভাৱনা আছে আৰু ৰেডিচন ব্লুত বাহৰ পাতিব দুয়োটা দলৰ খেলুৱৈয়ে । উল্লেখ্য যে টিকটৰ মূল্য ১,৫০০ টকাৰ পৰা ৬ হাজাৰ টকালৈ নিৰ্ধাৰণ কৰা হৈছে ।

লগতে পঢ়ক:গৃহমন্ত্ৰী শ্বাহ-মুখ্য়মন্ত্ৰী ড৹ শৰ্মাৰ উপস্থিতিত 8 বিদ্রোহী সংগঠনৰে শান্তি চুক্তি স্বাক্ষৰ

ABOUT THE AUTHOR

...view details